EducationSocialঅসম

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী

৪৬ হাজাৰ বিদ্যালয়ত ৪২ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে গুণোৎসৱ

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। ৪৬ হাজাৰ বিদ্যালয়ত ৪২ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হ’ব গুণোৎসৱ। আজিৰে পৰা ৪ জুনলৈ চলিব গুণোৎসৱৰ কাৰ্যসুচী।
স্ব-মূল্যায়ন কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ গুণোৎসৱ। ১২ মে’ৰ পৰা ১৪ মে’লৈকে হ’ব বহী মূল্যায়ন। আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে।

১০খন জিলাত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। বিশ্বনাথ, বঙাইগাঁও, চৰাইদেও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু নগাঁও।

২৩ মে’ত ১২ খন জিলাত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ। বৰপেটা, গোলাঘাট, হাইলাকাণ্ডি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি।

১ জুনত ১১ খন জিলাত তৃতীয় পৰ্যায়ত গুণোৎসৱ। বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ (ম), লখিমপুৰ, নলবাৰী, শোণিতপুৰ,পঃ কাৰ্বি আংলং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − three =

Back to top button