অসমদৈনিক বাতৰিভাৰত

বহু হিংসাত্মক পৰিস্থিতিৰ অন্তত আজি পশ্চিমৱংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

বহু হিংসাত্মক পৰিস্থিতিৰ অন্তত আজি পশ্চিমৱংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

বহু হিংসাত্মক পৰিস্থিতিৰ অন্তত আজি পশ্চিমৱংগ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা । পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে ভোটগণনা পৰ্ব। কটকটীয়া নিৰাপত্তা বেহুৰ মাজত আৰম্ভ হৈছে ভোট গণনা। যোৱা ৮ জুলাইত ৰাজ্যখনৰ ২২ জিলাৰ ৬১,৫৩৯টা বুথত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। পশ্চিমৱংগৰ পঞ্চায়ত নিৰ্বাচনত ৭৩,৮৮৭খন আসনত অৱতীৰ্ণ হৈছিল প্ৰায় ২ লাখ প্ৰা্ৰ্থী।

ৰাজ্যখনত প্ৰায় ৮০.৭১ শতাংশতকৈও অধিক লোকে ভোটদান কৰিছিল। উল্লেখ্য যে ভোটগ্ৰহণৰ পূৰ্বৰে পৰা ৰাজ্যখনত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতি। ফলত ৰাজ্যখনৰ ১৯খন জিলাৰ ৬৯৬টা কেন্দ্ৰত দেওবাৰে পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হৈছিল। কোচবিহাৰ, মালদহ আদি ঠাইত সৃষ্টি হৈছিল নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক পৰিৱেশ। যাৰ ফলত নিহত হৈছিল কুৰিৰো অধিক, আহত হৈছিল শতাধিক লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 9 =

Back to top button