Socialস্বাস্থ্য

চৰ্চাত এগৰাকী মহিলা আৰক্ষী বিষয়া। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মহিলা উপ-পৰিদৰ্শকগৰাকী

ৰাজপথতে CPR দি প্ৰাণ ৰক্ষা কৰিলে এজন লোকক

মধ্যপ্ৰদেশৰ গোৱালীঅৰৰ ৰাজপথত দেখা গ’ল মানৱীয়তাৰ এক সু্ন্দৰ দৃশ্য। ৰাজপথত কৰ্তব্যৰত এগৰাকী মহিলা আৰক্ষীৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ। ঘটনা অনুসৰি, হেলমেট চেক ডিউটিত থকা সোণম পৰাশৰ নামৰ এগৰাকী মহিলা আৰক্ষীয়ে ডিউটিত থকা অৱস্থাতে ৰাস্তাত পৰি এজন লোকক চটফটাই থকা দেখা পায় ততালিকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি যায়। হাৰ্ট এটেকত আক্ৰান্ত বৃদ্ধজনে ৰাজপথতে চটফটাই থকা দেখি লৰালৰিকৈ তেওঁৰ সহকৰ্মীজনক এম্বুলেন্স মাতিবলৈ দিয়ে। কিন্তু মানুহজনৰ সংকটজনক অৱস্থালৈ চাই উপ-পৰিদৰ্শক সোণম পৰাশৰে চিপিআৰ (Cardiopulmonary Resuscitation)দিবলৈ ধৰিলে। পিছত পৰাশৰে তেওঁক উন্নত চিকিৎসাৰ বাবে এপ’ল’ হস্পিতাললৈ লৈ যায়। খবৰ খবৰ অনুসৰি এপ’ল’ হস্পিতালৰ চিকিৎসকে কয় যে, যদি চিপিআৰ সময়মতে দিয়া নহ’লহেঁতেন তেন্তে ৰোগীজনৰ জীৱন ৰক্ষা কৰাটো কঠিন হ’লহেঁতেন। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − eleven =

Check Also
Close
Back to top button