অপৰাধঅসমঅসম আৰক্ষী

মৃতদেহ উদ্ধাৰ হ’ল শৌচাগাৰৰ টেংকীত

পোহৰলৈ আহিছে ৰাজ্য কঁপাই যোৱা নৃশংস কাণ্ড

ৰাজ্য জোকাৰি যোৱা এক নৃশংস হত্যাকাণ্ড। ৪ দিনে সন্ধানহীন হৈ থকা তিতাবৰৰ বিপ্লৱী দাসৰ মৃতদেহ অৱশেষত
পাতি লোৱা বৰদেউতাকৰ ৬৩ বছৰীয়া জগত সিঙে অতি নৃশংস ভাৱে হত্যা কৰিছিল ১৮ বছৰীয়া ছাত্ৰীগৰাকীক। ৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল শিলিখাবাৰীৰ গাওঁৰ স্নাতক প্ৰথম ষান্মাষিক ছাত্ৰী বিপ্লৱী। ঘৰৰ পৰা কলেজলৈ বুলি ওলাই যাওতে সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। ঘটনাৰ পিছতে জগত সিঙৰ বিৰুদ্ধে সন্দেহৰ আঙুলি তুলিছিল স্থানীয়ই । ৰাইজৰ প্ৰতিবাদৰ হেও মানি অৱশেষত আৰক্ষীয়ে আটক কৰিছিল লোকজনক আৰু তাৰ পিছত পোহৰলৈ আহিছিল ৰাজ্য কপাই যোৱা নৃশংস কাণ্ড।

আৰক্ষীৰ সন্মুখত হত্যাকাৰী জগত সিঙে দিলে ভয়ংকৰ চিকাৰুক্তি। ৭ মহীয়া অন্তসত্বা আছিল ছাত্ৰীগৰাকী।
ছাত্ৰীগৰাকীক গৰ্ভপাতৰ কাৰণে চিকিৎসাৰ সৈতেও যোগাযোগ কৰিছিল জগতে। পুৱতি নিশা জগতে দেখাই দিয়া অনুসৰি শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ মৃতদেহ ।

ঘাতক জগতক গ্ৰেপ্তাৰৰ পিছতে উতাপ্তত হৈ উঠে তিতাবৰ। হত্যাকাৰীক ৰাইজৰ আদালতত বিচাৰি তিতাবৰ থানাত প্ৰতিবাদ। থানাৰ গেট ভাঙি ভিতৰলৈ প্ৰৱেশৰ চেষ্টা উত্তেজীত জনতাৰ। সোমবাৰে বন্ধ হৈ পৰি তিতাবৰৰ বিদ্যালয়-মহাবিদ্যালয়। ক্ষুদ্ধ ৰাইজে বন্ধ কৰিলে তিতাবৰৰ ৰাজপথ।
ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ৪ অভিযুক্তক। আৰক্ষীৰ জালত মুল অভিযুক্ত জগত সিঙৰ লগতে দুই পুত্ৰ কৃষন সিঙ, জীৱন সিঙ আৰু ৰেকিবুদ্দিন আহমেদ নামৰ এজন ফাৰ্মচিষ্টত।ইফালে ঘটনাক গুৰুত্ব নিদিয়া অভিযোগত ৰিজাৰ্ভ ক্লোজ OC লক্ষ্মমণ কুমাৰ দাসক ।

ইফালে গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ঘাতক জগত দোকানীৰ বহুত কলা অধ্যায়। শিক্ষাৰ্থীৰ ফলাফল ভাল হʼবলৈ পেঞ্চীল কলমত মন্ত্ৰ কৰিছিল বেজ জগত সিঙ। অন্ধবিশ্বৰ বলি হৈ বহু শিক্ষাৰ্থী আহিছিল জগতৰ কাষলৈ। তাৰ উপৰিও হত্যাকাৰী জগতৰ আছিল এখন আশ্ৰম, যি আশ্ৰমত সংঘটিত হৈছিল বহু অপৰাধজনীত ঘটনা। অভিযোগ অনুসৰি আহিছিল প্ৰশাসনৰ পৰা ৰাজনীতিলৈকে, বহু ভিআইপি আগমণ ঘটিছিল জগত সিঙৰ এই আশ্ৰমলৈ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত গঠন কৰা হৈছে SIT দল। ঘটনাস্থলীত সোমবাৰে উপস্থিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক। ৪ অভিযুক্তক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button