ক্ৰিকেট
ৰাজকোটত নিৰ্ণায়ক মেচত দমনীয় বেটিং সূৰ্য্যৰ, শ্ৰীলংকাৰ আগত ২২৯ ৰানৰ লক্ষ্য
ভাৰতৰ চিৰসেউজ বেটছমেন সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ নিজৰ বেটিং পৰাক্ৰম দেখুৱায়

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় টি20 মেচত শতক অৰ্জন সূৰ্য্যকুমাৰ যাদৱৰ। ৰাজকোটত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা খিতাপ যুঁজত ভাৰতীয় দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰে আৰু পাঁচটা উইকেট হেৰুৱাই ২২৮ ৰাণ সংগ্ৰহ কৰে। বিপক্ষ দলটোৱে এতিয়া এই খেলখন জিকিবলৈ নিৰ্ধাৰিত অভাৰত ২২৯ ৰাণ সংগ্ৰহ কৰিব লাগিব। ভাৰতৰ চিৰসেউজ বেটছমেন সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ নিজৰ বেটিং পৰাক্ৰম দেখুৱায়। মাত্ৰ ৫১ টা বলত সাতটা চাৰি আৰু নটা ছয়ৰ সহায়ত অপৰাজিত ১১২ ৰাণ সংগ্ৰহ কৰে যাদৱে ।