শ্ৰেণীবিহীন

২০২৩ত হাঁহি ইম’জি দি ২০২৫ত আদালতত যুৱক

হাঁহি ইম’জি দিয়াই কাল হল যুৱকৰ

‘২০২৩ চনতে ঢেকীয়াজুলিত এটা ফেচবুক পোষ্টত হাঁহি ইম’জি দিছিলো’। ২০২৫ চনত কোকৰাঝাৰ আদালতত আহি বে’ল ল’বলগীয়া হ’ল এগৰাকী যুৱকে। কমেণ্ট এটা আহিছিল, মই FUNNY পালো, হাহা কৰি দিলো। এয়া ২০২৩ চনৰে কথা। ২০২৫ চনৰ ২৩ জানুৱাৰীত মোলৈ এটা ফোন আহিছিল। ফোনটো আহিছিল কোকৰাঝাৰৰ OCৰ পৰা। তেওঁ জনালে যে, মোৰ নামত এটা কেচ আহিছে, মই অতিশীঘ্ৰে থানালৈ আহিব লাগে।

পৰৱৰ্তী সময়ত অধিবক্তাৰ জৰিয়তেহে মই সকলো কথা গম পালো। এগৰাকী আয়ুক্তৰ কিমান কাম থাকিব পাৰে। তাৰ বিপৰীতে মোৰ দৰে এজন সাধাৰণ ব্যক্তিক এনে কৰিলে। বেলেগৰ কমেণ্টত মই এটা ৰিয়েক্টহে দিছিলো। ফেচবুকত অসংখ্য লাইক, কমেণ্ট আহে।

অসংখ্য বিষয়বস্তুক লৈ মানুহে কমেণ্ট কৰে, ৰিয়েক্ট কৰে। পিছে সেই কোনে, কি ৰিয়েক্ট দিছে, কোনে কি লাইক কৰিছে, সেয়া বিচাৰি থানাত গোচৰ দিয়াটো এয়া কেনে কথা। আজি সহায়ৰ বাবে কান্দিব লগীয়া হৈছে। হঁহাই যেন মোৰ বাবে অপৰাধ হ’ল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button