কৃষিখাদ্যবিশ্ব

১০ কুইন্টল ওজনৰ ৰঙালাওৰ বিশ্ব অভিলেখ ! ৰঙালাও দেখি আচৰিত সকলো…

খেতিয়ক দুজন হ'ল তাড আৰু দৌনা স্কিনৰ। দুয়োজনৰ সমূহীয়া প্ৰচেষ্টাত তেওঁলোকৰ খেতিপথাৰত লাগিল এটা ১০ কুইন্টল ওজনৰ ৰঙালাও

ৰঙালাও খাই আপুনি ভাল পায়নে? আপুনি কিমান ডাঙৰ ৰঙালাও খাই পাইছে অথবা দেখিছে? হয়তো ৩ বা ৪ কেজি ওজনৰ ৰঙালাও আপুনি দেখিছে। কিন্তু আপুনি শুনি আচৰিত হ’ব যে, প্ৰায় ১০ কুইন্টল ওজনৰ প্ৰকাণ্ড ৰঙালাও উৎপাদন কৰি বিশ্ব ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে কেইজনমান খেতিয়কে।

আমেৰিকাৰ দুই খেতিয়কে সৰ্ববৃহৎ ৰঙালাও উৎপাদন কৰি ৰচিলে অভিলেখ । খেতিয়ক দুজন হ’ল তাড আৰু দৌনা স্কিনৰ। দুয়োজনৰ সমূহীয়া প্ৰচেষ্টাত তেওঁলোকৰ খেতিপথাৰত লাগিল এটা ১০ কুইন্টল ওজনৰ ৰঙালাও ।এই ৰঙালাওটোৱে Worlds Biggest Pumpkin হিচাপে খ্যাতি লাভ কৰিছে। বিগত ৩০ বছৰ ধৰি দুয়োজন খেতিয়কে কৰি আহিছে ৰঙালাওৰ খেতি।

বৰ্তমান সামাজিক মাধ্যমত বিয়পি পৰিছে ১০ কুইন্টল ওজনৰ ৰঙালাওৰ বিশেষ ফটো । ৰঙালাওটোৰ বৃহৎ আকাৰ, দৈঘ্য দেখি এতিয়া আচম্বিত হৈ পৰিছে বিশ্ববাসী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + twenty =

Back to top button