Government Schemeঅসমআন্তঃৰাষ্ট্ৰীয়কৃষি
PM কিষান যোজনাত সংযোজিত নতুন নিয়ম!
PM কিষানৰ হিতাধিকাৰীৰ বাবে জাৰি জৰুৰী নিৰ্দেশনা

PM কিষানৰ হিতাধিকাৰীৰ বাবে জাৰি কৰা হ’ল এক জৰুৰী নিৰ্দেশনা। PM কিষান যোজনাত সংযোজিত হ’ল কিছু নতুন নিয়ম। ৩১ আগষ্টৰ পূৰ্বে PM কিষানৰ হিতাধিকাৰীসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম।
৩১ আগষ্টৰ পূৰ্বে হিতাধিকাৰীসকলে জমা দিব লাগিব বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ। অন্যথা দ্বিতীয়টো কিস্তি লাভৰ পৰা বঞ্চিত হ’ব হিতাধিকাৰীসকল। তাৰোপৰি কৃষি ভূমি সম্পৰ্কীয় তথ্য PM কিষানৰ তালিকাত সংযুক্ত কৰাটো বাধ্যতামূলক।
লগতে জমাবন্দী নথি, PM কিষানৰ পঞ্জীয়ন নম্বৰ, আধাৰ কাৰ্ডৰ ফটোকপি আৰু বেংক পাছবুকৰ ফটোকপিও জমা দিব লাগিব হিতাধিকাৰসকলে। নিজ নিজ চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত অনতিপলমে নথি পত্ৰসমূহ জমা দিবলৈ হিতাধিকাৰীসকলকল আহ্বান জনাইছে পশ্চিম কাৰ্বিআংলং, হামৰেণ জিলা কৃষি বিভাগৰ তৰফৰ পৰা।