দৈনিক বাতৰি

ভাৰতীয় সেনাত বৃহৎ নিযুক্তি, পলম নকৰি সাজু হওঁক…

জোৱানসকলক ১০ সপ্তাহৰ পৰা ৬ মাহলৈকে প্ৰশিক্ষণ দিয়া হ'ব। হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰইও আবেদন কৰিব পাৰিব এই নিযুক্তিকৰণ প্ৰক্ৰিয়াত।

ভাৰতীয় সেনাত হ’ব বৃহৎ নিযুক্তি। নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই আহিছে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি ‘অগ্নিপথ’। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতীয় স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীয়ে মঙলবাৰে, ঘোষণা কৰে এই কথা। ভাৰত চৰকাৰৰ নতুন অগ্নিপথ আঁচনিৰ জৰিয়তে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ মন থকা যুৱকসকলক ভাৰতীয় সেনাত নিযুক্তি দিয়া হ’ব।

 

সেনাৰ তিনিটা বিভাগত নিযুক্তিকৰণ হৈছে চৰকাৰৰ বৃহৎ প্ৰতিৰক্ষা নীতি সংস্কাৰ। মঙলবাৰে কেবিনেটত লোৱা হয় এই সিদ্ধান্ত। এই আঁচনিৰ অধীনত নিযুক্তি দিয়া যুৱকসকলক অগ্নিবীৰ বুলি কোৱা হ’ব। আঁচনিৰ অধীনত অধিক সংখ্যক ভাৰতীয় সেনাই চাকৰিত যোগদান কৰাৰ পাছত চাৰি বছৰ দেশৰ বাবে সেৱা দান কৰিব। উল্লেখ্য যে, ১৭.৫ বছৰৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীক দিয়া হ’ব নিযুক্তি। জোৱানসকলক ১০ সপ্তাহৰ পৰা ৬ মাহলৈকে প্ৰশিক্ষণ দিয়া হ’ব। হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰইও আবেদন কৰিব পাৰিব এই নিযুক্তিকৰণ প্ৰক্ৰিয়াত।

 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰসকলক প্ৰথম বৰ্ষত ৪.৭৬ লাখ টকাৰ পেকেজ দিয়া হ’ব আু চাকৰিৰ অন্তিম বছৰ, অৰ্থাৎ চতুৰ্থ বৰ্ষত দিয়া হ’ব ৬.৯৩ লাখ টকা। প্ৰতিমাহে জোৱানসকলে লাভ কৰিব ৩০,০০০-৪০,০০০টকাৰ দৰমহা।

 

অনাগত ৯০ দিনত এই আঁচনিৰ অধীনত ‘all India, all class’ কৰাৰ লক্ষ্য লোৱা হৈছে। এই নিযুক্তিত সমাজৰ যিকোনো শ্ৰেণীৰ লোককেই সাঙুৰি লোৱা হ’ব। প্ৰতি বছৰে নিযুক্তি দিয়া ৪৫,০০০ৰ পৰা ৫০,০০০ সেনাৰ ভিতৰত কেৱল ২৫ শতাংশ জোৱানকহে আগন্তুক ১৫ বছৰৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰা হ’ব। যদি দেশৰ প্ৰতি সেৱা দান কৰাৰ সময়তে কোনো জোৱান শ্বহীদ হয়, তেন্তে শ্বহীদৰ পৰিয়ালক সুদৰ জৰিয়তে প্ৰদান কৰা হ’ব ১ কোটি টকা। লগতে বাকী থকা কাৰ্যকালৰ দৰমহাও প্ৰদান কৰা হ’ব। কৰ্তব্যৰত অৱস্থাত যদি কোনো অগ্নিবীৰ শাৰীৰিকভাৱে অক্ষম হয়, তেন্তে তেওঁক ৪৪ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব। লগতে বাকী থকা কাৰ্যকালৰ ধনো প্ৰদান কৰা হ’ব। সমগ্ৰ দেশতে যোগ্যতাৰ ভিত্তিতেই যোগদান কৰোৱা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + fifteen =

Back to top button