Socialঅপৰাধভাৰতমহাৰাষ্ট্ৰমুম্বাই

৩ ঘণ্টাৰ ভিতৰত হত্যা কৰা হ’ব মুকেশ আম্বানীক!

স্বাধীনতা দিৱসৰ দিনটোতে উদ্যোগপতি মুকেশ আম্বানীক হত্যাৰ ভাবুকি

স্বাধীনতা দিৱসৰ দিনটোতে উদ্যোগপতি মুকেশ আম্বানীক হত্যাৰ ভাবুকি!

পৰিয়ালৰ সদস্যক ৩ ঘণ্টাৰ ভিতৰত হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ৷ ভাবুকিৰ পিছতেই এতিয়া শংকিত হৈ পৰিছে আম্বানীৰ পৰিয়াল৷ এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰো বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে৷ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ হাস্পতাললৈ আহিছিল ফোনকল যোগে এই ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই৷

বৰ্তমান আম্বানীৰ পৰিয়ালৰ সুৰক্ষা অধিক কটকটীয়া কৰি তোলা হৈছে৷ আৰক্ষীয়ে আৰম্ভ কৰিছে ফোনকলটোৰ তদন্ত৷
একেৰাহে ৮ বাৰকৈ ফোন আহিছিল একেটা নম্বৰৰ পৰা, ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ৩টাকৈ বিশেষ আৰক্ষীৰ দল৷

আম্বানীৰ গৃহটো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী৷ আচলতে কোনে এই ভাবুকি প্ৰদান কৰিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button