দুৰ্ঘটনাভাৰত

মাল্টি স্পেচিয়েলিটি হাস্পতালত অগ্নিকাণ্ড

মধ্যপ্ৰদেশৰ জব্বলপুৰৰ এখন হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডত এতিয়ালৈকে ১০ গৰাকী লোকৰ মৃত্যু হৈছে।

জব্বলপুৰৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। আবেলিৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যেই এই অগ্নিকাণ্ডত কমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

হাস্পতালখনৰ আইচিইউত সংঘটিত হয় এই অগ্নিকাণ্ড। জব্বলপুৰৰ দামোহ নাকাৰ কাষতেই অৱস্থিত হাস্পতালখনৰ জুই বৰ্তমানলৈও নিয়ন্ত্ৰণলৈ অহা নাই।

মধ্যপ্ৰদেশৰ জব্বলপুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় দামোহ নাকা শিৱনগৰৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ আইচিইউত সংঘটিত হোৱা অগ্নিকাণ্ডত ১০ গৰাকী লোকে মৃত্যুক সাৱতি লৈছে। স্থানীয় আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই জানিবলৈ দিয়ে এই কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − three =

Back to top button