অসমশ্ৰেণীবিহীন

বন্ধৰ দিশে উত্তৰ পূৰ্বাঞ্চলৰ নামৰূপৰ একমাত্ৰ সাৰ উদ্যোগ

তিল তিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ

মৃত্যুৰ ঘন্টা! বন্ধৰ দিশে উত্তৰ পূৰ্বাঞ্চলৰ নামৰূপৰ একমাত্ৰ সাৰ উদ্যোগটো। তিল তিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা।

  অচিৰেই সাৰকাৰখানাটোৰ চতুৰ্থ গোট স্থাপন নকৰিলে নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোৰ।

উল্লেখযোগ্য যে, নামৰূপ সাৰকাৰখানাৰ ১ নম্বৰৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি ৩ লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰি উত্তৰ পূৱৰ লগতে বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ডত অন্য সাৰ উদ্যোগৰ তুলনাত কম মূল্যত সাৰ বিক্ৰী কৰি অহা উদ্যোগটোৰ দ্বিতীয় গোটটোৰ আয়ুসকাল উকলি যোৱাত বন্ধ হৈ পৰে দ্বিতীয় গোটটো। একেদৰে আয়ুসকাল উকলি যোৱা তৃতীয় গোটটো কাৰিকৰী বিজুটিৰ ঘটি তৃতীয় গোটো বন্ধ হৈ পৰাত এতিয়া অন্ধকাৰৰ দিশে গতি কৰিছে উদ্যোগটোৰ ভৱিষ্যত। আনকি তৃতীয় গোটো বন্ধ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে অধিক দামত বিক্ৰী কৰিছে সাৰ, যাৰ ফলশ্ৰুতিত খেতিৰ এই ভৰপুক সময়ছোৱাত এতিয়া বিপাঙত পৰিছে কাষৰীয়া খেতিয়ক সকল।

  এতিয়া প্ৰশ্ন হয়, যদিহে কাগজ কল দুটাৰ দৰেই নামৰূপ সাৰ কাৰখানাৰ অৱস্থা হৈ পৰে তাৰ বাবে কিন্তু দায়ী হ’ব একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেই। আনকি তেতিয়া জবাবদিহি হ’ব লাগিব সাংসদ তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

  এটা বৃহৎ উদ্যোগ ব্যক্তিগত খণ্ডক গতাবলৈ চৰকাৰৰ কুটিল ষড়যন্ত্ৰ নেকি? নে এয়া এক চৰকাৰৰ সোপাঢিলা নীতি। সেয়া আগন্তুক সময়তহে স্পষ্ট হৈ পৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button