Covid-19ভাৰতস্বাস্থ্য

ক’ভিড যোদ্ধাসকললৈ সুখবৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 'কাষ্টমাইজড ক্ৰেছ কোৰ্চ' কাৰ্যসূচী

ক’ভিড-১৯ৰ আগশাৰীৰ কৰ্মীসকলৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব ‘কাষ্টমাইজড ক্ৰেছ কোৰ্চ’ (Customized Crash Course) কাৰ্যসূচী।

১৮ জুনৰ পুৱা ১১ বজাত এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব এই বিশেষ কাৰ্যসূচীৰ। দেশৰ ২৬ খন জিলাৰ মুঠ ১১১ টা প্ৰশিক্ষণ শিবিৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘কাষ্টমাইজড ক্ৰেছ কোৰ্চ’ কাৰ্যসূচীৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে।

এই কাৰ্যসূচীৰ জৰিয়তে এক লাখৰো অধিক ক’ভিড যোদ্ধাৰ দক্ষতা বৃদ্ধিৰ লক্ষ্য কৰা হৈছে। হোম কেয়াৰ ছাপোৰ্ট, বেছিক কেয়াৰ ছাপোৰ্ট, এডভাঞ্চ কেয়াৰ ছাপোৰ্ট, ইমাৰজেন্সী কেয়াৰ ছাপোৰ্ট, চেম্পল কালেকচন ছাপোৰ্ট আৰু মেডিকেল ইকুইপমেণ্ট ছাপোৰ্টৰ দৰে ৬ টাকৈ কাষ্টোমাইজড জবৰ অধীনৰ ক’ভিড যোদ্ধাসকলক দিয়া হ’ব এই প্ৰশিক্ষণ।

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৩.০ৰ অধীনত এই কাৰ্যসূচী প্ৰস্তুত কৰি তোলা হৈছে। ২৭৬ কোটি টকাৰ এই কাৰ্যসূচীয়ে স্বাস্থ্য খণ্ডত হোৱা জনশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.