অপৰাধঅসম

কোনে হত্যা কৰিলে সন্দীপক? মেঘালয়ত কেনেকৈ উদ্ধাৰ হ’ল মাজুলীৰ যুৱকৰ মৃতদেহ?

মাজুলীৰ গোপাল পুৰৰ বাসিন্দা আছিল মৃত সন্দীপ ভূঞা। 

পুনৰ এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰা মাজুলীৰ যুৱক সন্দীপ ভূঞাৰ মৃতদেহ মেঘালয়ত উদ্ধাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

শনিবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল মাজুলীৰ যুৱক সন্দীপ ভূঞা। কৰ্মসূত্ৰে মহানগৰৰ সৰুমটৰীয়াত বসবাস কৰা সন্দীপৰ মৃতদেহটো বুধবাৰে বিয়লি উদ্ধাৰ কৰা হয় মেঘালয়ৰ নংপোত। মাজুলীৰ গোপাল পুৰৰ বাসিন্দা আছিল মৃত সন্দীপ ভূঞা।

উল্লেখ্য যে, সন্দীপৰ মৃতদেহত স্পষ্ট আঘাতৰ চিন। সেয়েহে, এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ আৰক্ষীৰ। গুৱাহাটীত বসবাস কৰা সন্দীপৰ মৃতদেহ কেনেকৈ মেঘালয়ত উদ্ধাৰ হ’ল, অথবা কোনে কি কাৰণত সন্দীপক হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তহে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.