আন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰত
Trending

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে টিকেন বৰগোঁহাইৰ সুযোগ্য কন্যা লাভলীনাই

মঙলবাৰে বক্সিঙৰ ৬৯ কিগ্ৰা. ওজনৰ শাখাত প্ৰথম মেচত সফলতা লাভ কৰিলে লাভলীনাই

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভলীনাই। মঙলবাৰে বক্সিঙৰ ৬৯ কিগ্ৰা. ওজনৰ শাখাত প্ৰথম মেচত সফলতা লাভ কৰিলে বৰপথাৰৰ জীয়ৰী, টিকেন বৰগোঁহাইৰ সুযোগ্য কন্যা লাভলীনাই।

মীৰাবাঈ চানুৰ সফলতাৰ পাছত অলিম্পিকত ভাৰতৰ পাৰদৰ্শিতা ইমান সন্তোষজনক নহয় যদিও অসম কন্যা লাভলীনাৰ কোৱাৰ্টাৰ ফাইনেললৈ পোৱা যোগ্যতাই এতিয়া আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতবাসীৰ মুখলৈ।

অলিম্পিকৰ বক্সিং ৰিঙত লাভলীনাই পৰাস্ত কৰে জাৰ্মানীৰ খেলুৱৈ নাদিন এপেটজক। ৩-২ চেটৰ ব্যৱধানত জয়ী হয় লাভলীনা বৰগোঁহাই।

উল্লেখযোগ্য যে, লাভলীনাতকৈ বয়সত ৩৫ বছৰ ডাঙৰ জাৰ্মানী বক্সাৰ নাদিন এপেতজ আছিল জাৰ্মানীৰ পৰা অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম মহিলা খেলুৱৈ।

অন্যহাতে ২৩ বছৰীয়া লাভলীনা হৈছে দুবাৰকৈ বিশ্ব আৰু এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক পোৱা ভাৰতীয় খেলুৱৈ। মঙলবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোঁহাইৰ পৰৱৰ্তী খেল আছে ৩০ জুলাইত। উক্ত দিনটোত চীনৰ খেলুৱৈ নিন চিন চেনৰ সৈতে সন্মুখ সমৰত নামিব অসম কন্যা লাভলীনা।

লাভলীনাৰ এই যোগ্যতা অৰ্জনৰ পাছতে এতিয়া উৎসৱমুখৰ হৈ পৰিছে বৰপথাৰৰ লাভলীনাৰ বাসগৃহ। সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীয়েও আশা কৰিচে যে, চূড়ান্ত খেলত জয়ী হওঁক লাভলীনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − five =

Check Also
Close
Back to top button