মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত ইতিহাস ৰচিলে ঝুলন গোস্বামীয়ে…
ভাৰতীয় ক্ৰিকেটাৰগৰাকীক এই কৃতিত্ব অৰ্জন কৰিবলৈ প্ৰয়োজন আছিল ৩১ খন মেচৰ
শীৰ্ষস্থানৰ উইকেট সংগ্ৰহ কৰি চৰ্চাত এগৰাকী মহিলা ক্ৰিকেটাৰৰ নাম। শনিবাৰে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা ভাৰতৰ মহিলা ক্ৰিকেট খেলত ইতিহাস ৰচিলে ঝুলন গোস্বামীয়ে।
🚨 RECORD ALERT 🚨
Wicket No. 4⃣0⃣ in the WODI World Cups for @JhulanG10! 🔝 🙌
What a champion cricketer she has been for #TeamIndia ! 👏 👏 #CWC22 | #WIvIND
Follow the match ▶️ https://t.co/ZOIa3L288d pic.twitter.com/VIfnD8CnVR
— BCCI Women (@BCCIWomen) March 12, 2022
আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২২ টুৰ্ণামেণ্টত ইতিহাস ৰচিলে ঝুলনে। ঝুলন গোস্বামীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মহিলা এদিনীয়া বিশ্বকাপত তেওঁৰ ৪০টা উইকেট দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত এতিয়ালৈকে শীৰ্ষস্থানৰ উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ক্ৰিকেটাৰ ঝুলন। ভাৰতীয় ক্ৰিকেটাৰগৰাকীক এই কৃতিত্ব অৰ্জন কৰিবলৈ প্ৰয়োজন আছিল ৩১ খন মেচৰ। এই অভিলেখ ৰচি তেওঁ অষ্ট্ৰেলিয়াৰ লিন ফুলষ্টনক অতিক্ৰম কৰিছে ঝুলনে। উল্লেখ্য যে, লিন ফুলষ্টনে ২০খন মেচত ৩৯টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল।


