অপৰাধবলিউড

শ্বাহৰুখ খানৰ পুত্ৰৰ Lens Boxত ড্ৰাগছ, চেনিটেৰী পেডৰ ভিতৰতো ড্ৰাগছ আনিছিল আৰিয়ানৰ বন্ধুয়ে…

আৰিয়ান খানৰ হোৱাটছ এপৰ মেছেজ চাই, আৰিয়ান খানে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি থকাৰ কথা ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখ্য য়ে, ৰেভ পাৰ্টীৰ ৰেইডৰ সময়ত NCBয়ে জব্দ কৰিছে অবৈধ Charas, MDMA, and Cocaine

ড্ৰাগছ সেৱন কৰি থাকোতে আৰক্ষীৰজালত কিং খানৰ পুত্ৰ। ২ অক্টোবৰত মুম্বাইৰ উপকূলৰ এম্প্ৰেছ ক্ৰুইজ জাহাজৰ পৰা আটক কৰা হৈছিল কিং খানৰ পুত্ৰ আৰিয়ান খানক। শনিবাৰে নিশা ৰেভ পাৰ্টীত ব্যস্ত থকাৰ সময়তে NCBয়ে আটক কৰে আৰিয়ান খানৰ লগতে আন কেইবাজনক।

আৰিয়ান খানৰ লেন্স কেচত উদ্ধাৰ কৰা হৈছে ড্ৰাগছ। লগতে চেনিটেৰী পেড আৰু দৰৱৰ বটলৰ পৰাও উদ্ধাৰ কৰা হৈছে নিচাসক্ত দ্ৰব্য।

NCBৰ তথ্য অনুসৰি বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে লেন্স বক্সত কঢ়িয়াই লৈ ফুৰিছিল মাৰাত্মক ড্ৰাগছ। দেওবাৰে Narcotic Drugs and Psychotropic Substances Act (NDPS)ৰ চাৰিটা শাখাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আৰিয়ান খানক।

দেওবাৰে বিয়লি আৰিয়ান খানৰ লগতে আন দুজনক ৪ অক্টোবৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে মুম্বাই আদালতে।
ইয়াৰ সমান্তৰালকৈ আৰিয়ান খানৰ হোৱাটছ এপৰ মেছেজ চাই, আৰিয়ান খানে দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি থকাৰ কথা ধৰা পেলাইছে আৰক্ষীয়ে। উল্লেখ্য য়ে, ৰেভ পাৰ্টীৰ ৰেইডৰ সময়ত NCBয়ে জব্দ কৰিছে অবৈধ Charas, MDMA, and Cocaine।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button