উৎসৱখাদ্য

পূজাৰ বতৰত ফুৰফুৰীয়া গোন্ধৰে পূৰ্ণ মচমচীয়া জেলেপি খোৱাৰ মজা…

দূৰ্গা পূজাৰ বজাৰৰ মূল আকৰ্ষণ হৈছে জেলেপি। জেলেপি অবিহনে যেন আধৰুৱা হৈ ৰয় পূজাৰ আনন্দ।

সমাগত শাৰদীয় দুৰ্গা পূজা। চৌদিশে দুৰ্গোৎসৱৰ ৰঙীন পৰিৱেশ। পূজাৰ প্ৰাকক্ষণত ৰঙীন হৈ উঠিছে সকলোৰে মন।
সম্পূৰ্ণ দুটা বছৰৰ অন্তত এইবাৰ অনুষ্ঠিত হ’ব শাৰদীয়া দুৰ্গা পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ।

দেৱী দুৰ্গাৰ আশীষ ল’বলৈ সাজু সকলো। দেৱী মাৰ আশীষ লোৱাৰ সমান্তৰালকৈ পাক লগা জেলেপিৰ সোৱাদ ল’বলৈও সাজু হৈছে সকলো। কিয়নো দূৰ্গা পূজা মানেই জেলেপিৰ সোৱাদ। দূৰ্গা পূজাৰ বজাৰৰ মূল আকৰ্ষণ হৈছে জেলেপি। জেলেপি অবিহনে যেন আধৰুৱা হৈ ৰয় পূজাৰ আনন্দ।

দুৰ্গা পূজা বুলি ক’লে সকলোৰে মনলৈ আহে সুস্বাদু, ফুৰফুৰীয়া গোন্ধৰে পূৰ্ণ জেলেপিৰ কথা। মিঠা-মিঠা বিবিধ জেলেপিৰ সোৱাদ ল’বলৈ মিঠাইৰ দোকান অথবা ৰাস্তাৰ কাষৰ মুকলি বজাৰত ভিৰ কৰে বহুজনে।

দুৰ্গা পূজাত জেলেপি খোৱাৰো আছে অন্য এক মাদকতা। মিঠাইৰ দোকানত জেলেপি কিনিবলৈ লানি নিচিগা ভিৰ হয় ভক্তৰ। মাটিমাহৰ জেলেপিৰ পৰা আৰম্ভ কৰি আম, আনাৰস , ষ্ট্ৰবেৰীৰ নানান জেলেপিৰ আছে অনন্য সোৱাদ। অৱশ্যে ঘিঁউত ভজা ময়দাৰ জেলেপিৰ আছে এক সুকীয়া সোৱাদ।

জেলেপিৰ ইতিহাস আপুনি জানেনে? ১৫০০ শতিকাৰ এখন সংস্কৃত ভাষাৰ গ্ৰন্থতো জেলেপিক কুণ্ডলিকা আৰু জালাভালিকা নামেও অভিহিত কৰা হৈছে। কেৱল ভাৰত বা বাংলাদেশতেই জেলেপি পোৱা যায় তেনে নহয়, সমগ্ৰ মধ্য প্ৰাচ্যৰ দেশসমূহত পোৱা যায় জেলেপি। ইৰাণত আকৌ জেলেপিৰ নাম হৈছে ‘জালাবিয়া’। মালদ্বীপত জিলিপি। আলজেৰিয়াত জিলিছিয়া। আৰু নেপালত জেলেপিক জনা যায় জেলি নামে। জেলেপিক ভাৰতৰ খাদ্য বস্তুৰ তালিকালৈ আনিছিল মোগল সম্ৰাট জাহাংগীৰে। তেতিয়াৰ পৰা এতিয়ালৈকে ভাৰতত জেলেপিৰ চাহিদা বৃদ্ধি হৈ আছে।

দুৰ্গা পূজা আহিলেই মিঠাইৰ দোকানত প্রস্তুত কৰা হয় ভিন্ন স্বাদৰ মচমচীয়া জেলেপি খায় সকলোৱে ভাল পায়। পূজাৰ দিনকেইটাত সৰু-ডাঙৰ সকলোৱে লয় জেলেপিৰ সোৱাদ। কিয়নো জেলেপি অবিহনে যে অসম্পূৰ্ণ দুৰ্গা পূজা!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button