খেলভাৰত

এছিয়ান বক্সিঙত ষষ্ঠমটো সোণৰ পদক অৰ্জনৰ দিশে অগ্ৰসৰ বক্সিং ষ্টাৰ মেৰিকম

দেশৰ বক্সিং ষ্টাৰ মেৰিকম এছিয়ান বক্সিঙত ষষ্ঠমটো সোণৰ পদক অৰ্জনৰ দিশে অগ্ৰসৰ হৈছে৷ ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকম আৰু আন এগৰাকী প্ৰতিভাৱান বক্সাৰ সাক্ষীয়ে বৃহস্পতিবাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও নিজৰ নিজৰ ছেমিফাইনেল মেচত জয়ী হৈ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে।

উল্লেখ্য যে,  মেৰীকমে মংগোলিয়াৰ লুতচেইখান অলতান্তচেতচেগক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে যুৱ বিশ্ব চেম্পিয়ন সাক্ষীয়ে কাজাখস্তানৰ শীৰ্ষ বক্সাৰ ডিনা ঝোলমেনক ৩-২ৰ ব্যৱধানত পৰাস্ত কৰে।

পদ্মশ্ৰী মেৰীকমৰ এতিয়া লক্ষ্য এই চেম্পিয়নশ্বিপত ষষ্ঠমটো সোণৰ পদক অৰ্জন কৰা। ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব দুবাৰৰ বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাজিম কাইজেবী। আনহাতে সাক্ষীয়ে ফাইনেলত অৱতীৰ্ণ হ’ব উজবেকিস্তানৰ ছিতোৰা চোগদাৰোভাৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button