কর্ণাটকধৰ্মীয়ভাৰত

শিক্ষানুষ্ঠানত পৰিধান কৰিব নোৱাৰিব হিজাব অথবা গেৰুৱা বসন, কৰ্ণাটকৰ হাইক’ৰ্টে দিলে নিৰ্দেশ…

উল্লেখ্য যে, শ্ৰেণীকোঠাত হিজাব পৰিধানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে চলিত সপ্তাহৰ প্ৰথম ভাগতে স্কুল-কলেজসমূহ বন্ধ কৰি দিয়া হৈছিল।

দেশজুৰি হিজাব বিতৰ্কই তোলপাৰ লগোৱাৰ সময়তে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে দিলে নতুন আদেশ। শিক্ষানুষ্ঠানত পোছাক পৰিধানক লৈ এক বিশেষ ঘোষণা কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে পিন্ধিব নোৱাৰিব হিজাব, গেৰুৱা স্কাৰ্ফ অথবা কোনোধৰণৰ ধৰ্মীয় পোছাক।
বিগত কিছুদিন ধৰি দেশত চলি থকা হিজাব বিতৰ্কৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ঘটনাক দুঃখজনক আখ্যা উচ্চ ন্যায়ালয়ৰ।জাতি-বৰ্ণ-ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষত কোনো এটা জাতি বা ধৰ্মই দেশৰ পৰিচয় নিদিয়ে। দেশৰ সকলো লোকৰে নিজৰ ধৰ্মক শ্ৰদ্ধা কৰাৰ অধিকাৰ আছে। শ্ৰেণীকোঠাত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীয়ে হিজাব পৰিধান কৰাৰ ঘটনা সন্দৰ্ভত গভীৰ পৰীক্ষা কৰাৰ কথাও উল্লেখ কৰে উচ্চ ন্যায়ালয়ে। লগতে ন্যায়ালয়ে কয় যে, অধিক সময় ধৰি শিক্ষানুষ্ঠান বন্ধ হৈ থাকিলে শিক্ষাৰ্থীসকলৰ যথেষ্ট ক্ষতি সাধন হ’ব। সেয়েহে, অতি সোনকালে শিক্ষানুষ্ঠানসমূহ মুকলি কৰি দিবলৈ আহ্বান জনায় উচ্চ ন্যায়ালয়ে।

শিক্ষানুষ্ঠানত পৰিধান কৰিব নোৱাৰিব হিজাব অথবা গেৰুৱা বসন, কৰ্ণাটকৰ হাইক'ৰ্টে দিলে নিৰ্দেশ...

 

উল্লেখ্য যে, শ্ৰেণীকোঠাত হিজাব পৰিধানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে চলিত সপ্তাহৰ প্ৰথম ভাগতে স্কুল-কলেজসমূহ বন্ধ কৰি দিয়া হৈছিল। কৰ্ণাটকৰ উড়ুপিত এখন চৰকাৰী কলেজত হিজাব নিষিদ্ধ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদ পৰৱৰ্তী সময়ত বিয়পি পৰে বহু শিক্ষানুষ্ঠানৰ চৌহদলৈ। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এগৰাকী ছাত্ৰীয়ে হিজাব পিন্ধি শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে একাংশ গেৰুৱা স্কাৰ্ফ পৰিধান কৰা ছাত্ৰই ছাত্ৰীগৰাকীক প্ৰৱেশত বাধা প্ৰদান কৰা দেখা পোৱা গৈছিল।

অৱশ্যে, যিসমূহ স্কুল-কলেজৰ ইউনিফৰ্ম ধৰ্মীয় পোছাক হয়, সেইসমূহ শিক্ষানুষ্ঠানতহে শিক্ষাৰ্থীয়ে পৰিধান কৰিব পাৰিব হিজাব, অথবা অন্যান্য ধৰ্মীয় পোছাক। কিন্তু শ্ৰেণীকোঠাত হিজাব পিন্ধাটো সাংবিধানিক গেৰাণ্টিৰ পৰিপ্ৰেক্ষিতত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অত্যাৱশ্যকীয় ধৰ্মীয় অনুশীলনৰ অংশ নে নহয়, এক গভীৰ পৰীক্ষাৰ প্ৰয়োজন বুলি জনায় কৰ্ণাটক উচ্চ ন্যায়ালয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − thirteen =

Back to top button