Assamleatest updateSocialSocial Networkunivers
চন্দ্ৰপৃষ্ঠত প্ৰকাণ্ড গাঁত; গাঁত দেখি হঠাৎ থমকি ৰ’ল ৰ’ভাৰ প্ৰজ্ঞান!
গাঁতত সোমোৱাৰ পিছত হয়তো প্ৰজ্ঞানৰ যাত্ৰা ইয়াতেই ৰুদ্ধ হ'ল হয়।

চন্দ্ৰষ্ঠত ভ্ৰমণ কৰি থকাৰ মাজতে ২৭ আগষ্টৰ দিনা প্ৰজ্ঞানৰ সন্মুখত হঠাতে প্ৰত্যক্ষ কৰা গ’ল এটা প্ৰকাণ্ড গাঁত। জানিব পৰা মতে প্ৰায় ৪ মিটাৰ দ গাঁত দেখি ৰৈ গ’ল প্ৰজ্ঞান। গাঁত দেখি ৰৈ যোৱা প্ৰজ্ঞানক পথ সলনি কৰিবলৈ পুনৰ আদেশ প্ৰেৰণ কৰা হয়। সেই আদেশমৰ্মে প্ৰজ্ঞানে নতুন পথ লয়।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা মতে, ই এতিয়া সুৰক্ষিতভাৱে এটা নতুন পথ বাছি লৈছে। ইছৰোৱে ব্যক্ত কৰিছে যে ৰভাৰ প্ৰজ্ঞানে প্ৰায় ৩ মিটাৰ দূৰত্বত অৱস্থান লোৱাৰ সময়তে এই গাঁতটো প্ৰত্যক্ষ কৰে। অন্যথা গাঁতত সোমোৱাৰ পিছত হয়তো প্ৰজ্ঞানৰ যাত্ৰা ইয়াতেই ৰুদ্ধ হ’ল হয়।