মৰাণ জনগোষ্ঠীৰ আজিৰে পৰা আৰম্ভ হ’ল বিহু।
ঐতিহাসিক কালৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে।
ভিন্ন প্ৰান্তত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ সমান্তৰালভাবে তিনিচুকীয়াৰ থানা চাৰিআলিত আজি উলাহ মালহেৰে পালন কৰে গৰু বিহু। তিনিচুকীয়া চহৰৰ আশে পাশে থকা শতাধিক পৰিয়ালে একত্ৰিত হৈ বুধবাৰে পূৱাই থানা চাৰিআলিত গৰু গা ধোৱাই গৰু বিহু পালন কৰে।