◾ নগাঁৱত ছাত্ৰনেতালৈ গুলীচালনা আৰক্ষীৰ।
◾ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা।
◾ আৰক্ষীৰ এণ্টি নাৰ্কটিকছ স্কোৱাডে গুলীয়ালে ছাত্ৰনেতাজনক।
◾ কীৰ্তিকমল বৰাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ।
◾ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ বিস্ফোৰক অভিযোগ।
◾ আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ কীৰ্তিকমলৰ বিৰুদ্ধে।
◾ ড্ৰাগ্ছ ব্যৱসায়ৰ সৈতে কীৰ্তিকমল জড়িত থকাৰ অভিযোগ আৰক্ষীৰ।
◾ কীৰ্তিকমলৰ পৰা ড্ৰাগ্ছৰ কণ্টেইনাৰ উদ্ধাৰৰ কথা উল্লেখ আৰক্ষীৰ।
◾ আৰক্ষীৰ সমস্ত অভিযোগ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে।
◾ আৰক্ষীৰ বিৰুদ্ধে পৰিকল্পিত গুলীচালনাৰ অভিযোগ পৰিয়ালৰ।
◾ বিনা দোষতে আৰক্ষীয়ে কীৰ্তিকমল বৰাক গুলীওৱাৰ অভিযোগ।
◾ ঘটনাৰ উচিত তদন্তৰ দাবী।