Internationalleatest updatePMo indiapoliticalRegionalSocial

বাংলাদেশ যাতে আকৌ উগ্ৰপন্থীৰ ঘাটি নহয়ঃ মুখ্যমন্ত্ৰী

উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা আৰু সীমা সুৰক্ষাৰ ওপৰতো চকু ৰাখিব লাগিব চৰকাৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে,

‘বাংলাদেশ অশান্ত হৈ থাকিলে প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলতো পৰিব। বাংলাদেশৰ পৰা ভাৰতলৈ আহিব বিচাৰিব বহুতে। শ্বেখ হাছিনা চৰকাৰৰ দিনত উত্তৰ-পূবৰ উগ্ৰপন্থীৰ ঘাটি উচ্ছেদ হৈছিল। বাংলাদেশ যাতে আকৌ উগ্ৰপন্থীৰ ঘাটি নহয়।’

ইয়াৰোপৰিও ‘সেই বিষয়টোৰ ওপৰত নতুন চৰকাৰে চকু ৰাখিব লাগিব। যোৱা ১৫ বছৰে বাংলাদেশ চৰকাৰৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল শান্ত আছিল। ভাৰত চৰকাৰে সমগ্ৰ বিষয়টো বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা আৰু সীমা সুৰক্ষাৰ ওপৰতো চকু ৰাখিব লাগিব চৰকাৰে।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button