ৰাজনৈতিক

ইটানগৰ আৰক্ষীৰ জিম্মাত এতিয়া ইউ টিউবাৰ পৰশ সিং

কিছুদিনৰ পুৰ্বে অৰুণাচল প্ৰদেশৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙক চাইনিজ বুলি এক ইউটিউব ভিডিঅ’ত আপত্তিজনক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল ২২ বছৰীয়া ইউ টিউবাৰ পৰশ সিং।

ইটানগৰত আৰক্ষীৰ জিম্মাত আছে এতিয়া ইউ টিউবাৰ পৰশ সিং। বিশেষ অনুসন্ধান দলে পাঞ্জাবৰ লুধিয়ানাৰ পৰা অৰুণাচল প্ৰদেশলৈ ট্ৰেনজিত ৰিমাণ্ডত লৈ আহে পৰশক।

নিনং এৰিঙক চাইনিজ বুলি এক ইউটিউব ভিডিঅ’ত মন্তব্য কৰিছিল এই যুৱকজনে। মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়া এই যুৱকজনৰ উপাৰ্জনৰ একমাত্ৰ অৱলম্বন ইউটিউবত ভিডিঅ’ আপলোড কৰা।

৩০০ ৰো অধিক ভিডিঅ’ আপলোড কৰা যুৱকজনে মুলত ভিডিঅ’ গেমৰ বিষয়ে আলোচনা কৰে তেওঁৰ ইউটিউব চেনেলত। কিন্তু PUBG ভিডিঅ’গেমৰ বিকল্প হিচাপে আন এটা ভিডিঅ’ গেম ভাৰতত মুকলি কৰিবলৈ বিচৰা সন্দৰ্ভত পৰশ সিঙে বিধায়ক নিনং এৰিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰক লৈ বহু আপত্তিজনক মন্তব্য কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.