কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিত ককবকাই থকা দিল্লীক কৰ’ণা সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সন্মুখৰ পৰা যুঁজ দি অহা দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে এইবাৰ শিক্ষকৰ বাবে লৈছে এক বিশেষ পদক্ষেপ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা চৰকাৰী মাধ্যমৰ শিক্ষকৰ পৰিয়ালক দিব ১ কোটি টকা৷
শেহতীয়াকৈ দিল্লীৰ এখন চৰকাৰী স্কুলৰ শিক্ষক নিতীনতানোৱাৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয়৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী কেজৰিয়ালে ক’ভিডত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালৰ বাবে কঢ়িয়াই আনে আশা ব্যঞ্জক খবৰ৷ শুক্ৰবাৰে শেহতীয়াকৈ মৃত্যু হোৱা শিক্ষক নিতীন তানোৱাৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ হাতত তুলি দিয়ে এক কোটি টকাৰ চেক৷
দিল্লী চৰকাৰৰ এই পদক্ষেপক এতিয়া সকলোৱ শলাগ লৈছে৷