EducationInternationalInternationalleatest updatenationalPMo indiaআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্বভাৰতশিক্ষা

২০৩০ চনৰ ভিতৰত ফ্ৰান্সে ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আদৰণি জনাব : ৭৫ সংখ্যক গণৰাজ্য দিৱসত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ঘোষণা…

২০৩০ চনত ফ্ৰান্সত ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী।এয়া অতি অভিলাষী লক্ষ্য, কিন্তু মই ইয়াক সম্ভৱ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ

ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ দিনা শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সত অধ্যয়নৰ বাবে আমন্ত্ৰণ জনোৱাৰ পদক্ষেপৰ বিষয়ে শ্বেয়াৰ কৰে, যিটো ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পেৰিছ ভ্ৰমণ কৰাৰ এমাহৰ পিছত কৰে।

সামাজিক মাধ্যম X ত এটা পোষ্টত ফ্ৰান্সৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে, ফ্ৰান্সত প্ৰায় ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা। মেক্ৰনে কয় যে ২০৩০ চনত ফ্ৰান্সত ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী।এয়া অতি অভিলাষী লক্ষ্য, কিন্তু মই ইয়াক সম্ভৱ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

আনহাতে অন্য এটা পোষ্টত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতক গণৰাজ্য দিৱসৰ সম্ভাষণ জনায়। তেওঁ উল্লেখ কৰে, “মোৰ প্ৰিয় বন্ধু নৰেন্দ্ৰ মোদী, ভাৰতীয় জনগণ, আপোনালোকক গণৰাজ্য দিৱসত মোৰ আন্তৰিক শুভেচ্ছা। আপোনালোকৰ লগত থাকিবলৈ পাই সুখী আৰু গৌৰৱান্বিত। আহক আমি উদযাপন কৰোঁ!”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + thirteen =

Back to top button