দুৰ্ঘটনা

এটা কালিকা লগা কুঁৱা! বিবাহ অনুষ্ঠানৰ মাজতেই কুঁৱাত বাগৰি পৰিল কাৰোবাৰ পত্নী, কাৰোবাৰ পুত্ৰ-জীয়ৰী…

কুশীনগৰ জিলাৰ নৌৰংগীয়া স্কুল টোলাত এখন বিবাহৰ হালধি অনুষ্ঠান চাই থকাৰ সময়তে শিশুসহ কুঁৱাত বাগৰি পৰে কেইবাগৰাকী মহিলা

এফালে বিবাহৰ উখল-মাখল পৰিৱেশ, আনফালে কান্দোনৰ ৰোল।বিবাহৰ হালধি অনুষ্ঠানত হাঁহি-স্ফূৰ্তি কৰি থাকোতেই আকস্মিকভাৱে প্ৰাণ হেৰুৱালে ১৩জন লোকে। উত্তৰপ্ৰদেশৰ কুশীনগৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

 

কুশীনগৰ জিলাৰ নৌৰংগীয়া স্কুল টোলাত এখন বিবাহৰ হালধি অনুষ্ঠান চাই থকাৰ সময়তে শিশুসহ কুঁৱাত বাগৰি পৰে কেইবাগৰাকী মহিলা। কুঁৱাৰ ওপৰত লগোৱা লোহাৰ জালত উঠি থকাৰ সময়তে কুঁৱাত বাগৰি পৰে ১৩জন লোক, আনহাতে, তিনিগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিবাহৰ ৰং-ৰহইছৰ মাজতে সংঘটিত হোৱা এই ঘটনাত বহুতেই হেৰুৱালে নিজৰ আপোনজন। কোনোবাই যদি নিজৰ পত্নী, কোনোবাই ভগ্নী আৰু আন কোনোবাই হেৰুৱালে নিজৰ সন্তান।

 

ঘটনাৰ পিছতে হৈ-ছৈ লাগে সমগ্ৰ অঞ্চলটোত। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী বাহিনীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰে হাস্পতাললৈ।
এই হৃদয়বিদাৰক ঘটনাৰ পিছতে শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + seventeen =

Back to top button