Socialঅসমপ্ৰযুক্তি

স্মাৰ্ট চিটীত উৰণীয়া সেঁতু, গুৱাহাটীৰ আধুনিকীকৰণৰ দিশত এখোজ..

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেঁতুকেইখনৰ উদ্বোধন কৰিব।

আজি মহানগৰীত উন্মোচন কৰা হ’ব ৩খনকৈ পদ-পথৰ উৰণীয়া সেঁতু। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সেঁতুকেইখনৰ উদ্বোধন কৰিব।

ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি ( এছ অ’ পি ডি জি )ৰ ২০১৯-২০ৰ অধীনত নিৰ্মাণ কৰা হৈছে পদ-পথৰ সেঁতুকেইখন।

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া এ টি ৰোড পদপথ সেঁতুৰ দৈৰ্ঘ্য হৈছে ২৮ মিটাৰ। মুঠ ১০৩৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ আৰম্ভণি হৈছিল ২৩/০২/২০২০ত আৰু সমাপ্তি হৈছিল ৩০/০৭/২০২১ত।

বৰিপাৰা এ টি ৰোড পদপথ সেঁতুও উদ্বোধন কৰিব হিমন্ত বিশ্ব শৰ্মাই। ২৮ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেঁতুৰ নিৰ্মাণত মুঠ ব্যয় হৈছে ৯৭০.৬০ লাখ টকা। এই সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২৩/০২/২০২০ত আৰু নিৰ্মাণৰ কাম সম্পন্ন হৈছিল ৩০/০৭/২০২১ত।

আজি উদ্বোধনী কৰিবলগীয়া আনখন সেঁতু হৈছে শুক্ৰেশ্বৰ পদ-পথ সেঁতু। এই সেঁতুৰ দৈৰ্ঘ্য ১৯.৭০ মিটাৰ। সেঁতুৰ নিৰ্মাণত মুঠ ব্যয় হৈছে ৭৯৮.০৪ লাখ টকা। ০৫/০৬/২০২০ত আৰম্ভ কৰা হৈছিল সেঁতুৰ নিৰ্মাণৰ কাম আৰু সমাপ্তি হৈছিল ৩১/০৭/২০২১ত।

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button