অসমছিংগাপুৰদুৰ্ঘটনাদৈনিক বাতৰি
Trending

জুবিন গাৰ্গৰ মৃত্যুৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ ছিংগাপুৰৰ কৰনাৰ্ছ কৰ্টত

পাবনে জুবিন গাৰ্গে ন্যায় ? চিংগাপুৰৰ ষ্টেট কৰ্ট টাৱাৰ অৱস্থিত ষ্টেট কৰণাৰ আডাম নাখডাই এই গুচৰটোৰ শুনানি গ্ৰহণ কৰিব।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ প্ৰস্তুতি | উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ আয়োজন চলিছে, ঠিক তাৰ মাজতে সকোলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰৰ শুনানিৰ বাবে ১৪ জানুৱাৰী পুৱা ৯.৩০ বজাত সময় নিৰ্ধাৰণ কৰা হৈছে চিংগাপুৰৰ কৰনাৰ্ছ কৰ্টতত | চৌপাশে ভোগালীৰ  প্ৰস্তুতি যদিও কাৰো মুখত হাঁহি নাই কেবল সকোলোৰে মুখত এটাই কথা জুবিন গাৰ্গক ন্যায় দিয়ক |

নৰ্থইষ্ট ফেষ্টিভেলৰ উপলক্ষে জুবিন গাৰ্গ ১৭ ছেপ্তেম্বৰ তাৰিখে ছিংগাপুৰলৈ ৰাওনা হৈছিল। নৰ্থইষ্ট ফেষ্টিভেল অনুষ্ঠিত হোৱাৰ কথা আছিল ১৯ তাৰিখৰ পৰা ২১ তাৰিখলৈকে। ১৯ তাৰিখে ছিংগাপুৰৰ এচ টি জনচ নামৰ এটা দ্বীপলৈ এখন য়টৰ যোগেদি জুবিনে তেওঁৰ সহ বাদ্যযন্ত্ৰী তথা ১১ জনীয়া বন্ধু-বৰ্গৰ সৈতে যাত্ৰা কৰিছিল। সেই য়টখনৰ পৰা জুবিন গাৰ্গে সাঁতুৰিবৰ বাবে পানীলৈ নামি গৈছিল আৰু তেওঁ কোনো ধৰণৰ লাইভ জেকেটৰ ব্যৱহাৰ কৰা নাছিল। যিহেতু জুবিন গাৰ্গৰ মৃৰ্গী ৰোগ থকা বুলি জানিব পৰা গৈছিল তেনেক্ষেত্ৰত সাতুঁৰি থকা অৱস্থাত তেওঁ উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে মৃত্যুৰ মুখত পৰিব লগা হৈছিল বুলি জনা যায়।

পাবনে জুবিন গাৰ্গে ন্যায় ? চিংগাপুৰৰ ষ্টেট কৰ্ট টাৱাৰ অৱস্থিত ষ্টেট কৰণাৰ আডাম নাখডাই এই গুচৰটোৰ শুনানি গ্ৰহণ কৰিব। কৰনাৰ্ছ আদালতে ১৪ জানুৱাৰী দিনটোত শুনানি ল’বলগীয়া গোচৰৰ তালিকাৰ প্ৰথম স্থানতে অগ্ৰাধিকাৰ দিছে জুবিন মৃত্যুৰ গোচৰটো ।

লক্ষনীয়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ অসম আৰক্ষীৰ এছ আই টিয়ে “হ/ত্যা/কা/ণ্ড”ৰ ধাৰাত গোচৰ ৰুজু কৰি ৭ জনৰ বিৰুদ্ধে আদালতত অভিযোগ নামা দাখিল কৰিছে যদিও ছিংগাপুৰ আৰক্ষীয়ে “no foulplay” অৰ্থাৎ অস্বাভাৱিক মৃত্যুৰ কোনো প্ৰমাণ পোৱা নাছিল বুলি স্পষ্ট কৰিছিল। কৰনাৰ্ছ কৰ্টে বুধবাৰে পঞ্জীয়ন কৰা জুবিনৰ মৃত্যুৰ গোচৰটোৰ শুনানিৰ বিবৰণ ক্ৰিমিনেল কৰনাৰ্ছ ইনকুৱেষ্ট হিচাপে উল্লেখ কৰিছে। কৰনাৰ্ছ কৰ্টে জুবিনৰ মৃত্যুৰ গোচৰটো অপৰাধ জনিত বুলিও লিপিবদ্ধ কৰিছে। উক্ত গোচৰটোত জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ কোনো অধিবক্তা নিয়োগ নকৰাত উক্ত গোচৰটোত self-representation বুলি উল্লেখ কৰিছে। আৰু ইয়াত যদি কোনোবা দোষী সাব্যস্ত হয় তেতিয়া কোনো অধিবক্তা নিয়োগ নকৰাত ছিংগাপুৰ চৰকাৰৰ চৰকাৰী লিগেল ফাৰ্মে প্ৰতিনিধিত্ব কৰিব। এই ক্ষেত্ৰত তেওঁলোকে উপস্থিত থকাৰ উপৰিও নিৰ্দিষ্ট অধিবক্তা নিয়োগ কৰিব পাৰে। আৰু শুনানিৰ সময়ত ষ্টেট কৰনাৰক গোচৰটোৰ সাক্ষীৰ পৰা উত্তৰ বিচাৰি নিৰ্দিষ্ট তথ্য- প্ৰমান পৰীক্ষা কৰাৰো সুযোগ লাভ কৰে। এই শুনানিত চি চি টিভি তথা মোবাইল ৰেকৰ্ড কৰা ভিডিঅসহ ডিজিটেল তথ্য প্ৰমাণ সমূহ দাখিল কৰিব আৰু এই শুনানিত বিশেষকৈ জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ চিকিৎসকো উপস্থিত থাকিব। কিন্তু তাত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গৰ লগতে ছিংগাপুৰৰ ১১ প্ৰবাসী উপস্থিত থাকিব নে তাৰ কোনো ধৰণৰ কথা স্পষ্ট হোৱা নাই।

যিহেতু ভোগালীৰ সময়, সকলো মেজি, ভেলাঘৰ বনোৱা, বজাৰ সমাৰ কৰাৰ লগতে পিঠা পনা বনোৱাত ব্যস্ত যদিও বৰ্তমান আগৰ দৰে বিহু গীতৰ ঠাইত জুবিন গাৰ্গৰ এটি গীত “মই নথকা অনুভৱে” অসম বাসীক কন্দুৱাই তুলিছে। আৰু সেই গানটোৰ পৰা তেওঁ নথকাৰ অনুভৱ অসমবাসীয়ে বুজিছে আৰু চৌদিশে শূন্যতা আৰু শূন্যতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − seven =

Back to top button