অৰ্থনৈতিকঅসমজীৱনশৈলী

সোনালী অসম গঢ়া সপোন দেখুওৱা বিজেপিৰ চৰকাৰৰ দিনৰ অন্য এখন নগ্ন ছবি

গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে দলং নিৰ্মাণ মাজুলীবাসীৰ

সোনালী অসম গঢ়া সপোন দেখুওৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনতে বৃহত্তম দেৰগাঁৱৰ অঞ্চলৰ এবানী চাপৰিত দেখা গৈছে এখন উন্নয়নৰ নগ্ন ছবি।

খুমটাই আৰু মাজুলী বিধানসভা সমষ্টিৰ দেৰগাঁৱৰ সীমামূৰীয়া অঞ্চলটোত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে তাণ্ডৱ চলাই জুৰুলা কৰাৰ লগতে যোৱা বৰ্ষত প্ৰৱল খহনীয়াই অঞ্চলটিৰ শগুণপৰা আৰু এবানী চাপৰিৰ মাজেৰে সৃষ্টি কৰে ব্ৰহ্মপুত্ৰৰ এটি সুঁতি। যাৰ ফলত বহিঃজগতৰ লগত যাতায়ত একেবাৰে বিচিন্ন হৈ পৰে অঞ্চলটোৰ।

এই বিষয়ে স্থানীয় ৰাইজে শাসকীয় চৰকাৰখনৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কেইবাৰো আবেদন-নিবেদন কৰাৰ চৰ্তেও কোনোধনৰ ফলপ্ৰসূ নোপোৱাত অৱশেষত নিজৰ গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে দলং নিৰ্মাণৰ বাবে আগবাঢ়ি আহে।

ক’ৰনা সৃষ্ট পৰিৱেশৰ মাজতেই সপ্তাহযোৰা শ্ৰমদানেৰে মাজুলী সমষ্টিৰ আহঁতগুৰি আৰু দক্ষিণ আহঁতগুৰি বৃহত্তম অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁওবাসীৰ দেৰগাঁও নগৰ সংযোগী একমাত্ৰ পথটোৰ দুশ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়াই এবানী আৰু শগুণপৰা গাঁওবাসীয়ে।

মাজুলী আৰু খুমটাই সমষ্টিৰ দুয়োজন বিধায়কক বানাক্ৰান্ত অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত এখন পকী দলং নিৰ্মাণ কৰি যোগাযোগ সুচল কৰি তুলিবলৈ এতিয়া দাবী আৰু আহ্বান জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 20 =

Back to top button