অভিনয়বোলছবিভাৰত

ভূ-পৃষ্ঠৰ পৰা ৩৬০০ ফুট উচ্চতাত এয়া কি ঘোষণা কৰিলে বলীউডৰ অভিনেতা অনুপম খেৰে?

৫১৯ নম্বৰ চিনেমাৰ শ্বুটিঙত ব্যস্ত সুদক্ষ অভিনেতা অনুপম খেৰ

৫১৯ নম্বৰ চিনেমাৰ শ্বুটিঙত ব্যস্ত সুদক্ষ অভিনেতা অনুপম খেৰ। শনিবাৰে সামাজিক মাধ্যমযোগে বলীউডৰ অভিনেতাগৰাকীয়ে তেখেতৰ ৫১৯ সংখ্যক চিনেমাখনৰ কথা অনুৰাগীক ঘোষণা কৰে।

অৱশ্যে চিনেমাখনৰ নাম আৰু চিনেমাখনৰ বিষয়ে সবিশেষ তথ্য শ্বেয়াৰ কৰা নাই অভিনেতা অনুপম খেৰে। ইনষ্টাগ্ৰাম পোষ্টযোগে অভিনেতাগৰাকীয়ে অনুৰাগীক জনায় যে, “আটলান্টিক মহাসাগৰৰ ৩৬০০ ফুট উচ্চতাৰে উৰি গৈ থকাৰ সময়ত মই মোৰ ৫১৯ সংখ্যক চিনেমাখনৰ বিষয়ে ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো। ভগৱান মোৰ প্ৰতি দয়ালু হৈছে। এই পৰ্যায়ত উপণীত হ’বলৈ পাই মই সুখী। মই জানো যে, এয়া মোৰ কঠোৰ সাধনাৰ ফল, কিন্তু এয়া মিলিয়ন মানুহ, অনুৰাগী, অনুগামী, বন্ধু, পৰিয়াল, জ্যেষ্ঠজনৰ বাবেহে সম্ভৱ হৈছে”।

https://www.instagram.com/p/CRa2G8MlkZf/?utm_source=ig_web_button_native_share

Anupam Kher Announces 519th Film While Flying Above The Atlantic

তেখেতৰ এই সফলতাৰ বাবে অভিনেতাগৰাকীয়ে ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট আৰু বিশ্বৰ বহুতো চিনেমা পৰিচালককো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, পৰৱৰ্ত্তী সময়ত ‘The Last Show’, ‘Mungilal Rocks’ and ‘The Kashmir Files’ত দেখা পোৱা যাব বলীউডৰ সুদক্ষ অভিনেতা অনুপম খেৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eleven =

Back to top button