অপৰাধঅসম

ডকাইতৰ তাণ্ডব! পইছা নথকাত গুলীয়ালে চালকক

সংঘটিত কৰিয়েই ডকাইতৰ দলটো সেই স্থানৰ পৰা পলাই যায়

সোমবাৰ নিশা নগাঁও বাইপাছত ডকাইতৰ তাণ্ডব৷ গাড়ী চালকৰ হাতত ধন নথকাত গুলীচালনা ডকাইতৰ। গুলিচালনাত আহত হয় সুমন দাস নামৰ এজন যুবক৷

সোমবাৰে নিশা এ এছ ২৫ ই চি ৬৫১৫ নম্বৰৰ কুৰিয়াৰ চাৰ্ভিছৰ গাড়ীৰে চালক সুমন দাস আৰু সহযোগী হৰ্ষজিৎ দাস হাফলঙলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো৷ গুৱাহাটীৰ পৰা আহি থকা সময়ত বাইপাছৰ ঝাৰনি নামৰ স্হানত ডকাইতে বাট ভেটি ধৰে আৰু গাড়ীৰ পৰা নমাই সুমন আৰু হৰ্ষজিৎৰ মানিবেগ আৰু মবাইল কাঢ়ি লয়৷ ইয়াৰোপৰি আৰু অধিক ধন বিছাৰে। ধন নথকাত চালকজনৰ ডিঙিত গুলীয়াই দিয়ে। ঘটনা সংঘটিত কৰিয়েই ডকাইতৰ দলটো সেই স্থানৰ পৰা পলাই যায়৷

আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ গুলীবিদ্ধ সুমনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা প্ৰেৰণ কৰে যদিও চিকিৎসকে উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷

ডকাইতৰ দলটোৰ সন্ধানত বৰ্তমানে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

five × 4 =

Back to top button