অসমআঞ্চলিক

১৪ এপ্ৰিলৰ দিনাই অসমবাসীলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ উপহাৰ। পিছে কি এই উপহাৰ?

নেতিবাচক খবৰৰ বিপৰীতে দেশবাসীলৈ এক ইতিবাচক খবৰ

নেতিবাচক খবৰৰ বিপৰীতে দেশবাসীলৈ এক ইতিবাচক খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৪ এপ্ৰিলৰ দিনা অসমীয়াৰ বাপুতি সাহোন বিহুৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছতেই বিহুৰ উপহাৰ হিচাপে অসম বাসীলৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়াব অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্প।

১৪ এপ্ৰিলৰ দিনাই সৰুসজাই ষ্টেডিয়ামৰ পৰা ভাৰ্ছুৱেল পদ্ধতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিব নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো। উন্মোচনৰ পিছতেই দৈনিক ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেনিল উৎপাদন কৰি ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল, বাংলাদেশৰ বজাৰ দখল কৰা পৰিকল্পনা অসম পেট্ৰকেমিকেল লিমিটেডৰ।

উল্লেখ্য যে, ২০১৩ চনতে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বৰ্ধিত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাৰ প্ৰচেষ্টাত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ১৮শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান সম্পূৰ্ণ হোৱা প্ৰকল্পটোত প্ৰায় দুই-তিনি শতাধিক নিৱনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব বুলি অৱগত কৰে অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 11 =

Back to top button