ৰ’দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া, ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া…
২০১০ চনতে পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ঘৰচিৰিকা দিৱস।
অসমীয়া লোকৰ বাবে এটি চিৰ পৰিচিত নাম-‘ঘৰচিৰিকা’। ঘৰৰ মুধচত কণমানি বাঁহ এটি সাজি কিচিৰ-মিচিৰ মাতেৰে পুৱাৰে পৰা গৃহস্থক মাত দি থকা চৰাইজনীৰ বাবে এটি বিশেষ দিন। আজি ‘বিশ্ব ঘনচিৰিকা দিৱস’।প্ৰতিবছৰে ২০ মাৰ্চৰ দিনটোত ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সচেতন কৰাৰ বাবে পালন কৰা হয় এই দিৱস। ২০১০ চনতে পোনপ্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ঘৰচিৰিকা দিৱস।
এসময়ত গাঁৱত প্ৰতিজন চহা মানুহৰ ঘৰতে আছিল ঘৰচিৰিকা। ঘৰৰ মুধচতে কণমানি বাহ এটি সজা ঘৰচিৰিকাজনীয়ে গৃহস্থৰ চকুৰ সন্মুখেৰেই ভুৰুংকৈ উৰা মাৰি যায়। পিছে সময়ৰ সোঁতত হেৰাই যাব ধৰিছে ঘৰচিৰিকা। আগৰ দিনত গাঁৱত দেখা পোৱা ঘৰচিৰিকাবোৰ এতিয়া নাই। পুৱাৰে পৰা গধূলিলৈকে কিচিৰ মিচিৰ মাতেৰে ঘৰখন জীপাল কৰি ৰখা চিৰিকটিবোৰ এতিয়া হেৰাই গৈছে সময়ৰ সোঁতত।
এই ঘৰচিৰিকাৰ বিস্তৃতি কমি যোৱাৰ বাবে দায়ী আমি সকলো। কিয়নো ইয়াৰ প্ৰথম কাৰণ হ’ল পৰম্পৰাগত ঘৰৰ সলনি আধুনিক ঘৰ নিৰ্মাণ কৰা। আগতে খেৰী চালৰ ঘৰৰ মুধচত, বেৰৰ সুৰুঙাত বাহ সজা ঘৰচিৰিকাৰ বাবে এতিয়া থকা ঠাইৰ অভাৱ হৈছে। আশ্ৰয়বিহীন হৈ পৰা ঘৰচিৰিকাৰ বংশবৃদ্ধি হোৱাটো বাধা আহি পৰিছে। ঘৰচিৰিকাবোৰ হেৰাই যোৱাৰ আন এক কাৰণ হৈছে বিদ্যুৎ-চুম্বকীয় বিকিৰণ। ভাৰত আৰু বিদেশৰ বিভিন্ন অঞ্চলত ঘৰচিৰিকাৰ জাকৰ ওপৰত কৰা অধ্যয়নত ধৰা পৰিছে যে অধিক তীব্ৰতাৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ হোৱা অঞ্চলসমূহত অন্য অঞ্চলৰ তুলনাত ঘৰচিৰিকাৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে।
কিন্তু ঘৰচিৰিকাবোৰ আমাৰ চকুৰ আগতে হেৰাই যোৱাটো আমি কেৱল চাই থাকিলেই নহ’ব। আমাৰো বহুখিনি কৰণীয় আছে। আমি ঘৰচিৰিকাৰ ৰক্ষাৰ বাবে কি কি কৰিব পাৰো-ঘৰচিৰিকাৰ বাবে সৰু-সৰু বাহ সাজি দিয়া, গৰমৰ দিনত বহল পাত্ৰত পানী উলিয়াই দিয়াৰ লগতে খাদ্যৰ যোগান ধৰা, ঘৰচিৰিকাই বাহ সাজিব পৰাকৈ স্থানীয় জোপোহাজাতীয় গছ ৰোপণ কৰা। ঘৰচিৰিকা দিৱসৰ দিনটোতে আহকচোন আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ, এই কণমানি চৰাইবিধক সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ।