SocialViralweather

উত্তৰকাশীৰ ধাৰালী গাঁৱত সংঘটিত ডাৱৰ বিস্ফোৰণ

ঘটনাত ৪ জন লোকৰ মৃত্যু হৈছে আনহাতে ৫০ৰো অধিক লোক সন্ধানহীন

প্ৰকৃতিৰ ৰুষ্ট ৰূপ ধাৰণ উত্তৰকাশীৰ ধাৰালী গাঁৱত।ঘটনা আজিৰ দিনৰ ভাগৰ , দুপৰীয়া প্ৰায় ১:৪৫ বজাত উত্তৰকাশীৰ ধাৰালী গাঁৱত সংঘটিত হৈছিল ডাৱৰ বিস্ফোৰণ। ঘটনাত কমেও ৪ জন লোকৰ মৃত্যু হৈছে আনহাতে ৫০ৰো অধিক লোক সন্ধানহীন হৈ আছে।নি*হ*তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে।এই গাঁওখন ভাৰতীয় সেনাৰ হাৰ্ছিল চাউনীৰ পৰা প্ৰায় ৪ কিমি দূৰত অৱস্থিত। এই দুৰ্ঘটনাত গংগোত্রী ধামলৈ যোৱা সকলো পথ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। এই প্ৰাকৃতিক বিপৰ্যয়ে সৃষ্টি কৰা প্ৰৱল বান আৰু ভূমিস্খলনে সমগ্ৰ অঞ্চলটো ৰুষ্ট ৰূপ ধাৰণ কৰিছে।স্থানীয় প্ৰশাসনে যুদ্ধকালীন উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।এই দুৰ্ঘটনাত গংগোত্রী ধামলৈ যোৱা সকলো পথ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। প্ৰাকৃতিক এই বিপৰ্যয়ৰ ফলত হোৱা বাঢ়নি পানী আৰু ধ্বংসাৱশেষে অঞ্চলটো সম্পূৰ্ণকৈ প্লাৱিত কৰি পেলায়। হাৰ্ছিল অঞ্চলৰ খীৰগড় নামৰ সৰু নদীখনৰ পানীয়ে ধ্বংসযজ্ঞ আৰু অধিক ভয়ংকৰ কৰি তোলা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। তীব্ৰবেগত বৈ অহা পানী, শিল, বালি, বোকাই বহুসংখ্যক বাসগৃহ, হোটেল আদি উটুৱাই লৈ যোৱাৰ ভয়ংকৰ দৃশ্য ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। এই পৰিস্থিতিত স্থানীয় প্ৰশাসনে তাৎক্ষণিকভাৱে উত্তৰকাশী আৰক্ষী, এছ.ডি.আৰ.এফ, এন.ডি.আৰ.এফ., সেনা আৰু অন্য উদ্ধাৰকাৰী দলক উদ্ধাৰ অভিযানত নমাইছে। সবাটোকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তৎপৰতাৰে সাহায্য আৰু উদ্ধাৰ কাৰ্য আৰম্ভ কৰা হৈছে। ভূমিস্খলনৰ ওচৰতে শিবিৰ থকা ভাৰতীয় সেনাই প্ৰথমে উদ্ধাৰ অভিযানত জপিয়াই পৰে। সেনাই অন্ততঃ ১৫ জন লোকক উদ্ধাৰ কৰে। পিছে ৫০ৰো অধিক লোকক প্ৰবল সোঁতে উটুৱাই নিয়াত আৰু ভূমিস্খলনৰ ফলত বোকা-পানীৰ তলত সোমাই পৰাত নি*হত*ৰ সংখ্যা অধিক হ’ব বুলি উদ্ধাৰকাৰী সেনাই আশংকা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − eight =

Back to top button