অসমসাহিত্য

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ‘মুনীন বৰকটকী সাহিত্য বঁটা’, ২০২১

প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে 'মুনীন বৰকটকী সাহিত্য বঁটা', ২০২১

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ বিশেষ সন্মান। সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে ‘মুনীন বৰকটকী সাহিত্য বঁটা’, ২০২১।

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তৰুণ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ২৭ সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’।

১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখাৰুক উদগনি যোগাৱোৰ অৰ্থে প্ৰদান কৰা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু প্ৰশংসা পত্ৰ।

উল্লেখ্য যে, প্ৰদ্যুম্ন কুমাৰ গগৈ হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 2 =

Back to top button