শ্ৰেণীবিহীন

কামাখ্যাত নৰবলি!! অৱশেষত পোহৰলৈ আহিল ২০১৯ চনত সংঘটিত নৰবলিৰ কাহিনী!! মদ খুৱাই মুণ্ডহীন কৰিছিল মহিলাক।

২০১৯ চনৰ ১৯জুনত কামাখ্যা মন্দিৰ পথত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড।

২০১৯ চনৰ ১৯জুনত কামাখ্যা মন্দিৰ পথত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড । জয় দূৰ্গা মন্দিৰৰ চিৰিত পোৱা গৈছিল এটা মুণ্ডহীন মৃতদেহ। সেই সময়ত কোনো ক্লু পোৱা নাছিল হত্যাকাণ্ডৰ। অৱশেষত ওলাল  হত্যাকাণ্ডৰ  আঁচল ৰহস্য। পশ্চিমবংগৰ এগৰাকী মহিলা বলি হৈছিল সেই হত্যাকাণ্ডত ৷ মহিলা গৰাকীৰ  নাম শান্তি শ্ব ৷

জুলাই মাহত মহিলা গৰাকীৰ  পূত্ৰই তেওঁৰ Tattoo ৰ পৰা চিনাক্ত কৰে ৷ তদন্তৰ বাবে গঠন কৰা হৈছিল এখন SIT। বিগত এমাহ যোৰা অনুসন্ধানত ওলাল হত্যাকাণ্ডৰ ৰহস্য। কোচ বিহাৰৰ শীতলাকুচিত কৈলাশ বৰ্মনৰ ঘৰত  উদ্ধাৰ হৈছিল মহিলা গৰাকীৰ কাপোৰ আৰু ট্ৰেইনৰ টিকট ৷ মাতে প্ৰসাদ পাণ্ডে নামৰ এজন বাবাই লৈ গৈছিল মহিলা গৰাকীৰ কাপোৰ।

মাতে প্ৰসাদক মধ্যপ্ৰদেশৰ গ্ৰেপ্তাৰ কৰাৰ পাছতেই স্বীকাৰ কৰে হত্যাকাণ্ডৰ সৈতে জড়িত লোকৰ নাম।

সুৰেশ পাচোৱান

কানু আচাৰ্যী ওৰফে কানু তান্ত্ৰিক

ৰাজু বাবা (ভায়েৰাম ভাৱৰীয়া)

প্ৰদীপ পাঠক। নৰবলিৰ বাবেই সংঘটিত হ’ল সমগ্ৰ ঘটনা। প্ৰদীপ পাঠকে যথেষ্ট তন্ত্ৰ -মন্ত্ৰৰ বিশ্বাসী। এই প্ৰদীপেই পশ্চিমবংগৰ পৰা মাতি আনিছিল সাধু বাবাক সমগ্ৰ ঘটনা সংঘটিত হৈছিল ভূতনাথত।

বিশ্বশান্তি , কামাখ্যা মাক সন্তুষ্ট আৰু প্ৰদীপৰ ভাতৃৰ সোঁৱৰণতেই সেই পূজা কৰা হৈছিল ৷ পূজা কৰি থাকোতেই মহিলা গৰাকীক অত্যাধিক সুৰাপান কৰোৱাইছিল ৷ নিচাসক্ত মহিলাগৰাকীক অম্ববাচী মেলা চাবলৈ কামাখ্যা মন্দিৰলৈ লৈ গৈছিল মহিলাগৰাকীক ৷ জয়দূৰ্গা মন্দিৰতেই  নিচাসক্ত মহিলাগৰাকীক শিৰচ্ছেদ কৰে ৷ উল্লেখ্য যে  প্ৰতিগৰাকী তান্ত্ৰিককে ১০ হাজাৰকৈ মাননি দিছিল প্ৰদীপ পাঠকে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 20 =

Back to top button