‘Save me from an arranged marriage’: বিবাহৰ প্ৰাৰ্থী বিচাৰি ভাইৰেল হোৱা কোন এইজন লোক?
বহুতেই মালিকৰ কথাত সমৰ্থন জনায় আৰু লগতে আগবঢ়ায় নিজৰ মন্তব্য। মহম্মদ মালিকৰ বিজ্ঞাপন দেখি তেখেতৰ সৈতে যোগাযোগ কৰিছে ৫ হাজাৰৰ অধিক ছোৱালীয়ে।
গ্ৰেট ব্ৰিটেইনৰ বাৰ্মিংহামৰ এটা আমোদজনক ঘটনা। বিজ্ঞাপন ফলকত নিজৰ ফটোৰ বিজ্ঞাপন দি ভাইৰেল হৈ পৰিছে এজন লোক।

বিজ্ঞাপন ফলকত নিজৰ ফটো লগোৱা এই ব্যক্তিজনৰ নাম মহম্মদ মালিক। নিজৰ পত্নীক বিচাৰি মহম্মদ মালিকে দিছে এই বিজ্ঞাপন।

বিজ্ঞাপনটোত মালিকে ‘Save me from arrange marriage’ বুলি লিখা বাক্যশাৰীলৈ দেখুৱাই শুই থকা দেখা গৈছে। বিজ্ঞাপন ফলকখনত আছে এটা ৱেবছাইট। যি ৱেবছাইট হৈছে-findMALIKawife.com।
চাওঁ আহক সেই ভাইৰেল টুইট:
#findmalikawife 🙏🏼 if you think you’re the one for me head to my website linked in bio! https://t.co/dyHofX8PCE
— Muhammad Malik (@findingmuhammad) January 3, 2022
ৱেবছাইটত মালিকে লিখিছে-‘মোৰ আদৰ্শ সংগী গৰাকী ২০ বছৰীয়া মুছলমান মহিলা হ’ব লাগিব। যি গৰাকী মহিলাই নিজৰ deen উন্নত কৰিবলৈ চেষ্টা কৰি আছে। সকলো জাতিক লৈ মই মুক্ত কিন্তু মই এটা পাঞ্জাৱী পৰিয়ালৰ হয়’।

এই বিজ্ঞাপন দেখি ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীসকল যথেষ্ট আচৰিত হৈ পৰে। বহুতেই মালিকৰ কথাত সমৰ্থন জনায় আৰু লগতে আগবঢ়ায় নিজৰ মন্তব্য। মহম্মদ মালিকৰ বিজ্ঞাপন দেখি তেখেতৰ সৈতে যোগাযোগ কৰিছে ৫ হাজাৰৰ অধিক ছোৱালীয়ে। অৱশ্যে, মালিকে এক ডেটিং এপৰ বাবেহে দিছে এই বিজ্ঞাপন। যি কি নহওঁক, মহম্মদ মালিকৰ বিজ্ঞাপনে বহুতকেই যে হাঁহিৰ খোৰাক যোগাইছে সেয়া নুই কৰিব নোৱাৰি।

