‘তাই নিৰ্ভীক, কেতিয়াও পিছ হুঁহকি নাহে’-ভগ্নীক আটক কৰাৰ পিছতে মুখ খুলিছে ৰাহুল গান্ধীয়ে…
উত্তৰপ্ৰদেশৰ লক্ষীমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে মৃত কৃষকসকলৰ পৰিয়ালৰ মনৰ খবৰ ল'বলৈ যোৱাৰ সময়তে উত্তৰপ্ৰদেশ আৰক্ষীয়ে সোমবাৰে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক
ভগ্নী প্ৰিয়ংকা গান্ধীৰ আটকৰ পিছতে মুখ খুলিছে কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে। মঙলবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰে এটা পোষ্ট। ভগ্নী প্ৰিয়ংকা গান্ধীক সমৰ্থন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লিখে এই পোষ্ট-
जिसे हिरासत में रखा है, वो डरती नहीं है- सच्ची कांग्रेसी है, हार नहीं मानेगी!
सत्याग्रह रुकेगा नहीं।#FarmersProtest
— Rahul Gandhi (@RahulGandhi) October 5, 2021
উত্তৰপ্ৰদেশৰ লক্ষীমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে মৃত কৃষকসকলৰ পৰিয়ালৰ মনৰ খবৰ ল’বলৈ যোৱাৰ সময়তে উত্তৰপ্ৰদেশ আৰক্ষীয়ে সোমবাৰে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। সোমবাৰে জে’ললৈ প্ৰেৰণ কৰা হয় প্ৰিয়ংকাক।
জ্যেষ্ঠ ভগ্নীৰ আটকৰ পিছতে ৰাহুল গান্ধীয়ে টুইটযোগে লিখে যে, মোৰ ভগ্নীয়ে আৰক্ষীৰ আটকলৈ ভয় নকৰে। ভগ্নীক প্ৰকৃত কংগ্ৰেছী বুলি কোৱাৰ লগতে ৰাহুল গান্ধীয়ে কয় যে তাই কেতিয়াও পিছ হুঁহকি নাহে।
प्रियंका, मैं जानता हूँ तुम पीछे नहीं हटोगी- तुम्हारी हिम्मत से वे डर गए हैं।
न्याय की इस अहिंसक लड़ाई में हम देश के अन्नदाता को जिता कर रहेंगे। #NoFear #लखीमपुर_किसान_नरसंहार
— Rahul Gandhi (@RahulGandhi) October 4, 2021
ন্যায়ৰ বাবে অহিংসাৰ এই যুঁজত দেশৰ অন্নদাতাক জিকাইহে এৰিব বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে।


