
জুবিন বিহীন অনুভৱেৰে মাদকতাহীন সকলো পূজা মণ্ডপ।
শুনা নাই ঢাকৰ মাত, নাই হৰ্ষোল্লাস।
কহুঁৱায়ো যেন এইবাৰ পৰা নাই শুভ্ৰ দলিচা। মাদকতাহীন শৰতত এইবেলি ৰাজ্যজুৰি কেৱল পূজাৰ আয়োজনহে হৈছে। নাই পূজাৰ আনন্দ, নাই মাদকতা। কিয়নো অসমখনে হেৰুৱালে এটুকুৰা হীৰাক, অসমীয়াৰ প্ৰাণতকৈও আপোন শিল্পী জনক।
বৈদিক ৰীতি নীতিৰ মাজেৰে সম্পন্ন হʼল জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। এফালে জুবিন গাৰ্গক অকালতে হেৰুৱাই এতিয়াও নিগৰি আছে অনুৰাগীৰ চকুলো, আনফালে দূৰ্গা দেৱীক পূজাৰ ৰীতি-নীতি। প্ৰতিখন পূজা কমিটীয়ে আনুষ্ঠানিকতাৰ স্বাৰ্থতহে আয়োজন কৰিছে এইবৰ্ষৰ দুৰ্গোৎসৱ। শতবৰ্ষ গৰকা পূজা মণ্ডপটো নাই ভক্তৰ সমাগম। কোনোখন পূজা মণ্ডপত দূৰ্গা দেৱীক স্থাপন কৰি কেৱল জুবিন গাৰ্গৰ গীত বজাইছে। আনফালে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণৰ কৰাৰ মানসেৰে সাজি উলিয়াইছে ব্যতিক্ৰমী পূজা মণ্ডপ। কেৱল জুবিন গাৰ্গৰ ফটো আৰু তেখেতৰ লগত জড়িত স্মৃতিৰে সাঁজি উলিয়াইছে প্ৰায় সংখ্যক মণ্ডপ। শদিয়াৰ পৰা ধুবুৰীলৈ চলিছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমবাসীয়ে কোনোদিনে কল্পনা নকৰা এটি পৰিৱেশ যেন অনাকাঙ্ক্ষিত ভাৱেই গঢ়ি উঠিল শৰতৰ এই বতৰত।
কোনোজনে পূজাৰ জাক জমকতা এৰি কেৱল হিয়া ধাকুৰি কান্দিছে, আন কোনোৱে পূজা চোৱাৰ পৰা বিৰত থাকি দিনে নিশাই সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিৰ কাষত জিৰণি লৈছেহি ক্ষন্তেক।
ভক্তই পূজা মণ্ডপলৈ আহি নিজৰ বাবে নহʼলেও জুবিন গাৰ্গে ন্যায় পোৱাৰ মানসেৰে এগছি চাকি জ্বলাইছে দেৱী মাৰ চৰণত। এক কথাত দূৰ্গোৎসৱৰ এই বেলিকা সকলোতে কেৱল জুবিনময় পৰিৱেশ। দেৱী পূজাৰ আৰাধনা মন্ত্ৰ মাথোঁ মায়াবিনী…..।।