Socialখাদ্য

উতলি থকা গৰম তেলত হাত জুবুৰিয়াই চৰ্চিত এজন ব্যৱসায়ী, ভিডিঅ’ দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো…

জয়পুৰৰ পদপথত থকা এখন দোকানত এজন ব্যৱসায়ীয়ে হেতা ব্যৱহাৰ নকৰাকৈ উতলি থকা তেলৰ পৰা হাত জুবুৰিয়াই উলিয়াইছে ভজা মাংসৰ টুকুৰা

জুইৰ ওপৰত উতলি আছে এখন কেৰাহী ভৰ্তি তেল। জুইৰ প্ৰচণ্ড উত্তাপত উতলি থকা তেল ওফৰি আহি ভুলবশতঃ যদি আপোনাৰ হাতখনত পৰে তেতিয়া আপুনি কি কৰিব? গৰম তেল গাত পৰিলে অসহ্য অনুভৱ হোৱাটোয়েই স্বাভাৱিক কথা।

কিন্তু গৰম তেলত হাত জুবুৰিয়াই এতিয়া এজন লোকে লাভ কৰিছে ব্যাপক চৰ্চা। আচৰিত যেন লাগিলেও এনে এটা আচৰিত ভিডিঅ’ই এতিয়া খলকনি তুলিছে ছ’চিয়েল মিডিয়াত। জয়পুৰৰ আলী চিকেন চেন্টাৰত উতলি থকা গৰম তেলত হাত জুবুৰিয়াইছে এজন লোকে।

ভিডিঅ’টো দেখিলে যিকোনো মানুহৰে গাৰ নোম শিয়ৰি উঠিব। জয়পুৰৰ পদপথত থকা এখন দোকানত এজন ব্যৱসায়ীয়ে হেতা ব্যৱহাৰ নকৰাকৈ উতলি থকা তেলৰ পৰা হাত জুবুৰিয়াই উলিয়াইছে ভজা মাংসৰ টুকুৰা।

আনকি গৰম তেলৰ পৰা ভজা কুকুৰাৰ মাংসৰ টুকুৰা উলিয়াই মচলাও চটিয়াইছে ব্যৱসায়ীজনে।

জয়পুৰৰ এজন ফুড ব্লগাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’। ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈ পৰে ভিডিঅ’টো। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত সকলোৱে এতিয়া জয়পুৰৰ এই ব্যৱসায়ীজনৰ এই কাৰ্যক প্ৰশংসাৰে ওপচাই পোলাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button