অপৰাধ

ডিব্ৰুগড়ৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত মহিলাক যৌন উৎপীড়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হল ৰিতু!

ৰিতুৰ বিৰুদ্ধে মুম্বাই আৰু গুৱাহাটীতো আগতে একে ধৰণৰ ঘটনাসংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে

ডিব্ৰুগড় আৰক্ষীয়ে বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ ভিতৰত এগৰাকী মহিলাক যৌন উৎপীড়ন কৰাৰ অভিযোগত ৰিতু নন্দেশ্বৰ শেনছোৱাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ খবৰ অনুসৰি, ডিব্ৰুগড় আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ সহায়ত ৰিতু নন্দেশ্বৰ শেনছোৱাক নিশাৰ চুপাৰবাছত গুৱাহাটীলৈ পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।

সংবাদ মাধ্যমৰ আগত এজন আৰক্ষী বিষয়াই কয়, “আমি এএছটিচি বাছ ষ্টেণ্ডত অপৰাধীজনক শিৱসাগৰ আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলো। অপৰাধীজনক ৰিতু নন্দেশ্বৰ শেনছোৱা ওৰফে ৰিতু গগৈ বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক অনুসন্ধান অনুসৰি, আমি জানিব পাৰিছিলো যে ৰিতুৰ বিৰুদ্ধে মুম্বাই আৰু গুৱাহাটীতো আগতে একে ধৰণৰ ঘটনাসংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।”

আৰক্ষী বিষয়াজনে লগতে জনায় যে ৰিতু গগৈ শিৱসাগৰ জিলাৰ পালেঙৰ বাসিন্দা।

ইফালে, ভাৰতীয় ষ্টেট বেংক, ডিব্ৰুগড় শাখা পৰিচালনাও অপৰাধীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, অৱশ্যে, ভুক্তভোগী মহিলাগৰাকীয়ে এতিয়ালৈকে কোনো অভিযোগ দাখিল কৰা নাই বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.