অসমদৈনিক বাতৰি

উজনি অসমত অব্যাহত আছে নেকি আলফাৰ সদস্য ভৰ্তি অভিযান? পুনৰ চৰ্চালৈ আহিছে তিনি যুৱকৰ নাম

বিয়া খাবলৈ যোৱাৰ পিছৰে পৰা কোনো শূং সূত্ৰ নাই যুৱককেইজনৰ

উজনি অসমত আলফা স্বাধীনৰ সদস্য ভৰ্তি অভিযান বৰ্ত্তমানেও অব্যাহত থকাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে তিনি যুৱকৰ নাম। যুৱককেইজন মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত তিনি নম্বৰ মাকুম পথাৰৰ মহন্ত বৰুৱা, বিকাশ ৰাজবংশী আৰু ৰূপম খাকলাৰী।

পৰিয়ালৰ লোকে যুৱককেইজন ওচৰৰে বিয়া খাবলৈ যোৱাৰ পিছৰে পৰা কোনো শূং সূত্ৰ লাভ কৰা নাই বুলি জানিবলৈ দিয়াৰ লগতে মবাইলফোন কেইটাও চুইছ অফ হৈ আছে বুলি উল্লেখ কৰিছে। সেয়েহে পৰিয়ালৰ লোকে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰিছে।

আনহাতে যুৱককেইজন আলফালৈ যদি গৈছে তেন্তে পৰিয়ালৰ লোকে আলফাৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ঘৰলৈ ঘুৰাই পঠাবৰ বাবে আহ্বান জনাইছে।

ইপিনে যুৱক কেইজনৰ সন্ধানত আৰক্ষীয়ে উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Check Also
Close
Back to top button