জম্মু-কাশ্মীৰ
আৰক্ষী বিষয়ালৈ সন্ত্ৰাসবাদীৰ গুলী, গুলীবৰ্ষণত আহত সাতবছৰীয়া কন্যা…
ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী ছাইফুল্লাৰ লগতেই আছিল কণমানিজনী।
সন্ত্ৰাস জৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হিংসাত্মক ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া।
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ চৌৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে আৰক্ষীক। গুলীবৰ্ষণত নিহত আৰক্ষী বিষয়া ছাইফুল্লা কাদৰী।
The daughter of the killed Jammu & Kashmir cop is just 7 years old. She was clinging to her father’s hand when terrorists fired at him. Islamist terrorists didn’t even spare the 7 year old and shot at her arm. She is now in hospital with blood all over her clothes. Cowardly.
— Aditya Raj Kaul (@AdityaRajKaul) May 24, 2022
ঘটনাত আহত আৰক্ষী বিষয়াগৰাকীৰ ৭বছৰীয়া কন্যা। ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী ছাইফুল্লাৰ লগতেই আছিল কণমানিজনী। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন বাহুত আঘাতপ্ৰাপ্ত কন্যাগৰাকী।





