আমেৰিকাৰ টাৰ্গেট ইৰাণৰ বন্দৰ, বিশ্ব যুদ্ধৰ অভিকেন্দ্ৰত পৰিণত হৰমূজ প্ৰণালী!
আমেৰিকাৰ এই অৱৰোধ সকলো দেশৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব । ইৰাণৰ পৰা বাহিৰ হৈ আহিব নোৱাৰিব তেল, জাহাজ একোৱে । হৰমূজ প্ৰণালী হৈ ইৰাণৰ বন্দৰত প্ৰৱেশো কৰিব নোৱাৰিব ।

সলনি হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সমীকৰণ । ইছলামাবাদ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পাছত এইবাৰ হৰমূজ প্ৰণালী বন্ধ কৰি দিছে আমেৰিকাই । আমেৰিকাৰ আক্ৰমণৰ পাছত ইমানদিনে ইৰাণে আংশিকভাৱে হৰমূজ প্ৰণালী বন্ধ কৰি ৰখাৰ পাছত সোমবাৰৰ পৰা এই প্ৰণালীটো বন্ধ কৰি দিছে আমেৰিকাই । এতিয়া আমেৰিকাৰ টাৰ্গেট ইৰাণৰ বন্দৰ । আমেৰিকাৰ এই পদক্ষেপে প্ৰভুত ক্ষতিগ্ৰস্ত কৰিব ইৰাণৰ বন্দৰ । কাৰণ এই বন্দৰৰ পৰা বন্ধু দেশসমূহলৈ ইৰাণে প্ৰেৰণ কৰি আহিছিল তেল আৰু প্ৰাকৃতিক গেছৰ টেংকাৰ । আমেৰিকাৰ এই পদক্ষেপৰ ফলত এতিয়া ইৰাণৰ তেলবাহী টেংকাৰ বন্ধু দেশলৈ পৰিবহনত বাধাৰ সৃষ্টি হ’ব।
ইয়াৰ ফলত প্ৰভুত ক্ষতিগ্ৰস্ত হ’ব চীন-ভাৰতৰ দৰে দেশ । আমেৰিকাৰ এই অৱৰোধ সকলো দেশৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব । ইৰাণৰ পৰা বাহিৰ হৈ আহিব নোৱাৰিব তেল, জাহাজ একোৱে । হৰমূজ প্ৰণালী হৈ ইৰাণৰ বন্দৰত প্ৰৱেশো কৰিব নোৱাৰিব । ফলত অৱৰুদ্ধ হৈ পৰিব পাৰে ইৰাণৰ জীৱন ৰেখা। ইৰাণক এশিকনি দিয়াৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকাই । ইমানদিনে হৰমূজ প্ৰণালী বন্ধ হৈ থকা সত্বেও ইৰাণৰ তেল আৰু গেছ পৰিবাহী টেংকাৰৰ অবাধ যাতায়ত অব্যাহত আছিল। কিন্তু এতিয়া ইৰাণৰ তেল-গেছ টেংকাৰৰ অবাধ যাতায়াতো স্তদ্ধ হোৱাৰ আশংকাই দেখা দিছে । ইৰাণৰ সমস্ত জাহাজ অৱৰুদ্ধ কৰাৰ অভিসন্ধি ট্ৰাম্পৰ।
এই পদক্ষেপৰ ফলত অৱৰুদ্ধ হ’ব ইৰাণৰ ৪ বন্দৰ । ইয়াৰ ভিতৰত আছে খার্গ দ্বীপ, জাস্ক টাৰ্মিনেল, বন্দৰ আব্বাছ আৰু বন্দৰ খুমেইনি। উল্লেখ্য যে, আমেৰিকাৰে যুদ্ধ আৰম্ভ হোৱাৰে পৰা হৰমূজ প্ৰণালীৰ ওপৰত ইৰাণে নিজৰ নিয়ন্ত্ৰণ অক্ষুন্ন ৰাখিছিল । ইফালে এই হৰমূজ প্ৰণালী খুলি দিয়াৰ বাবে আমেৰিকাই ইৰাণক বাৰে বাৰে সকীয়াই আহিছিল । এতিয়া এই হৰমূজ প্ৰণালী আমেৰিকাই নিজে বন্ধ কৰি দিছে । সাময়িক যুদ্ধ বিৰতি ঘোষণাৰ পাছত ইৰাণে কিছু জাহাজ মুকলি কৰি দিছে যদিও ইয়াৰ বাবত কৰ সংগ্ৰহ কৰা বুলি প্ৰকাশ । ইৰাণৰ এই কাৰ্যত তীব্ৰ অসন্তুষ্ট হৈ উঠিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ।
কিন্তু যুদ্ধৰ মাজতো কিন্তু ইৰাণৰ জাহাজৰ মুক্ত বিচৰণ অব্যাহত আছিল । এইবাৰ ট্ৰাম্পে ইৰাণৰ অৰ্থনীতিৰ জীৱন ৰেখাতে আঘাত হানে । ইৰাণৰ জাহাজ অৱৰুদ্ধ কৰিলেও আমেৰিকাই উপসাগৰৰ আন দেশৰ জাহাজ অবৰোধ নকৰে । ইৰাণৰ বন্দৰলৈ নোযোৱা জাহাজৰ প্ৰৱেশ আৰু প্ৰস্থানত বাধা নিদিয়ে আমেৰিকাই । ট্ৰাম্পৰ হৰমূজ প্ৰণালী অবৰুদ্ধ কৰাৰ হুংকাৰৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িল খাৰুৱা তেলৰ দাম। প্ৰতি বেৰেলত ১০৩ ডলাৰলৈ বাঢ়িল খাৰুৱা তেলৰ দাম । এদিনতে খাৰুৱা তেলৰ দাম বাঢ়িল ৮ শতাংশ ।
উল্লেখ্য যে, ইৰাণৰ তেল ৰপ্তানীৰ ৮০ শতাংশ যায় চীনলৈ। ইৰাণ হৈছে চীনৰ শক্তিৰ উৎস । গতিকে আমেৰিকাই চীনৰ তেল টেংকাৰ বন্ধ কৰিলে ক্ষোভৰ উদগীৰণ হ’ব চীনৰ । ফলত হৰমূজ প্ৰণালীৰ উত্তেজনা সম্প্ৰসাৰিত হ’ব বুলি আশংকা কৰা হৈছে । লগতে এই উত্তেজনাই আন এক যুদ্ধৰ সূত্ৰপাত কৰাৰ সম্ভাৱনা আছে ।

