অশান্ত মণিপুৰ, চুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতেই উত্তপ্ত পৰিস্থিতি
নেমচা বিৰোধী শ্লʼগানত কঁপিল চুৰাচান্দপুৰৰ টুইবুঙৰ আকাশ-বতাহ

নেমচা বিৰোধী শ্লʼগানত কঁপিল চুৰাচান্দপুৰৰ টুইবুঙৰ আকাশ-বতাহ। বৃহস্পতিবাৰে মণিপুৰত নেমচা কিপগেনক উপ-মুখ্যমন্ত্ৰী দায়িত্ব দিয়াত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজপথ অৱৰোধ কৰে কুকী প্ৰতিবাদকাৰীসকলে।
২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰে ব্যাপক হিংসা আৰু আইন-শৃংখলাজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে।মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে । ৰাজ্যখনত প্ৰায় দুবছৰীয়া জাতিগত হিংসা আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্রাক্তন মুখ্যমন্ত্রী এন বীৰেণ সিঙে পদত্যাগ কৰিছিল। তেওঁৰ পদত্যাগৰ পাছত ৰাজনৈতিক উত্তেজনা আৰু তীব্রতৰ হৈ পৰিছিল, অৱশেষত ৰাজ্যখনত জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতিৰ শাসন।
ভাৰতীয় গেজেটত প্ৰকাশিত এক ঘোষণা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মণিপুৰ সন্দৰ্ভত সংবিধানৰ ৩৫৬(২) অনুচ্ছেদৰ অধীনত জাৰি কৰা ঘোষণা বাতিল কৰিছে । পূৰ্বৰ ঘোষণাপত্ৰখন ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল। বুধবাৰে (৪ ফেব্ৰুৱাৰী, ২০২৬) ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত নতুন ঘোষণাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰা হৈছে। ঘোষণাটোত এনেদৰে উল্লেখ আছিল, ‘‘সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ দফা (২)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি মই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰ ৰাজ্যৰ সন্দৰ্ভত উক্ত অনুচ্ছেদৰ অধীনত মোৰ দ্বাৰা ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে জাৰি কৰা ঘোষণা বাতিল কৰিছো।’’
উল্লেখ্যযোগ্য যে , মঙলবাৰে বিজেপিয়ে পূৰ্বৰ দুবাৰৰ বিধায়ক য়ুমনাম খেমচান্দ সিঙক মণিপুৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰি ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছিল ৷
সুৰ্দীঘ ১১মাহ ২৫ দিনৰ পাছত ১৩ সংখ্যক মুখ্যমন্ত্ৰীৰূপে বুধবাৰে য়ুমনাম খেমচান্দ সিঙে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। নেমচা কিপগেনক উপমুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰোৱাৰ পিছতেই বৃহসস্পতিবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। টায়াৰ জ্বলাই পথত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীসকলে। আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘর্ষত লিপ্ত হৈছিল কুকি প্ৰতিবাদকাৰীসকল। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আহত হৈছিল কেইবাজনো আৰক্ষী বিষয়া।
পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছিল যে এখন বাহন চুচুৰ্ম হৈ পৰিছিল লগতে প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চাৰ্জ কৰাৰ লগতে উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰক্ষীয়ে।পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটাৰ পৰিপেক্ষিতত নিৰাপত্তা বাহিনীয়ে বল প্ৰয়োগ কৰি জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়। বৰ্তমান সমগ্ৰ অঞ্চলটোত এক শংকা আৰু অনিশ্চয়তাৰ পৰিৱেশে বিৰাজ কৰিছে। এনে সংঘাতত উভয় পক্ষৰ ক্ষতি হৈছে আৰু সম্প্ৰদায়সমূহৰ মাজত বিশ্বাস পুনৰুদ্ধাৰ কৰাটোও এক প্ৰকাৰৰ প্ৰত্যাহ্বান হৈ পৰিছে।



