AssamEducationঅসমশিক্ষা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, শীৰ্ষত কোন? সবিশেষ…

সকলো উৎকণ্ঠাৰ অন্ত পেলাই শুকুৰবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী। এই বৰ্ষত অসমত মেট্ৰিকত মুঠ উত্তীৰ্ণৰ হাৰ ৬৫.৬২% ।

সকলো উৎকণ্ঠাৰ অন্ত পেলাই শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী। এই বৰ্ষত অসমত মেট্ৰিকত মুঠ উত্তীৰ্ণৰ হাৰ ৬৫.৬২% । উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে ডিমা হাচাও জিলা। ডিমা হাচাওত উত্তীৰ্ণৰ হাৰ ৮৮.২৩%। দ্বিতীয়, তৃতীয় স্থানত শিৱসাগৰ আৰু ডিব্ৰুগড়। শিৱসাগৰৰ উত্তীৰ্ণৰ হাৰ ৮৪.০৮%। ডিব্ৰুগড়ত উত্তীৰ্ণৰ হাৰ ৭৮.৪৬%। সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰেৰে কাছাৰ জিলা। কাছাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৪৯.১৩%।

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১ম স্থান লাভ বজালীৰ জ্যোৰ্তিময় দাসৰ। পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোৰ্তিময়ে লাভ কৰিছে মুঠ ৫৯১ নম্বৰ। ফলাফল লাভৰ পিছতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে শিক্ষানুষ্ঠানখনত। দ্বিতীয় স্থানত বিশ্বনাথৰ আকাংক্ষা ভূঞা। অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষাই লাভ কৰিছে ৫৮৯ নম্বৰ। তৃতীয় স্থানত ডিব্ৰুগড়ৰ জিয়া ফাৰা ইছলাম। ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী জিয়াই লাভ কৰিছে মুঠ ৫৮৮ নম্বৰ। যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে নলবাৰীৰ সুৰজিৎ আখতাৰে। নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ সুৰজিৎ।

এইবাৰ ২,৮১,৭০১ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। । প্ৰথম বিভাগত উত্তীৰ্ণ ৮৫,১৮৯ পৰীক্ষাৰ্থী। ইয়াৰে ৩,৯৮৩ জনে লাভ কৰিছে ডিষ্ট্ৰিংচন। ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৩,৬৮১ জনে। দ্বিতীয় বিভাগত ১,৫০,১৬৭ পৰীক্ষাৰ্থী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৬,৩৪৫ পৰীক্ষাৰ্থী। মুঠ লেটাৰ মাৰ্ক লাভ ৯৯,০৬২ পৰীক্ষাৰ্থীৰ।

১৬টা ৱেবছাইটত উপলব্ধ হৈছে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল। ছেবাৰ ম’বাইল এপতো পৰীক্ষাৰ্থীয়ে চাব পাৰিব ফলাফল।

https://sebaonline.org

www.iresults.net

www.indiaresults.com

www.iresults.in

https://results.digilocker.gov.in

www.fastresults.in

www.results.shiksha

https://www.ndtv.com

www.assam.shiksha

https://ndtv.in

www.schools9.com

https://www.necareer.com

www.assamresult.in

www.jagranjosh.com

www.assamjobalerts.com

https://timesofindia.indiatimes.com/education

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + nine =

Back to top button