অপৰাধঅসম

টকাৰ বাবেই হত্যাৰ বলি হ’ল হোজাইৰ এজন লোক! মালিগাঁৱত উদ্ধাৰ মৃতদেহ

এক হত্যাৰ ঘটনাই জোকাৰিছে মালিগাঁও

এক হত্যাৰ ঘটনাই জোকাৰিছে মালিগাঁও। মালিগাঁৱৰ পাণ্ডু কেবিন শিৱ মন্দিৰৰ ওচৰত এটা মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

বৃহস্পতি বাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। টকাৰ লেন-দেনৰ বাবেই এই হত্যা কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে। মৃত লোকজন হোজাইৰ জয় প্ৰকাশ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মৃত জয় প্ৰকাশ মণ্ডলৰ ৩ জন সহকৰ্মীক।

উল্লখযোগ্য যে, মৃত লোকজন আছিল ৰে’ল বিভাগৰ এন কে ব্ৰহ্মপুত্ৰ কোম্পানীৰ মেকানিক। পূৰ্ব পৰিকল্পনাৰে লোকজনক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে কঠোৰ তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Check Also
Close
Back to top button