প্ৰযুক্তিবিজ্ঞান

ব্লুটুথ হেডফোনে প্ৰাণ ল’ব পাৰে আপোনাৰ

কাণত হেডফোন বিস্ফোৰিত হৈ মৃত্যু এজন যুৱকৰ

আজিকালি খুব চৰ্চাত আছে ব্লুটুথ হেডফোন। কাৰণ ব্লুটুথ হেডফোনডাল কাণত লগাই লৈ মোবাইলৰ পৰা আঁতৰত থাকিলেও মোবাইলটোৰ লগত সংযোগক্ত হৈ থাকিব পাৰি। ব্লুটুথ হেডফোন ডাল কাণত লগাই যিকোনা কাম কৰি থকাটো এতিয়া বহুতৰে অভ্যাসত পৰিণত হৈছে। কিন্তু এনে অভ্যাসে জীৱনলৈ মাতিব পাৰে বিপদ।

শেহতীয়াকৈ জয়পুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কাণত হেডফোন লগাই থকা অৱস্থাতে হেডফোন বিস্ফোৰিত হৈ মৃত্যু হৈছে ২৭ বছৰীয়া এগৰাকী যুৱকৰ।

ৰাকেশ নামৰ ২৭ বছৰীয়া এই যুৱকগৰাকীয়ে পঢ়ি থকা অৱস্থাত কাণত লগাই আছিল ব্লুটুথ যুক্ত এডাল হেডফোন। এই হেডফোন ডাল বিস্ফোৰিত হোৱাৰ লগে লগে মাটিত ঢলি পৰে যুৱকগৰাকী। যুৱকগৰাকীক ততালিকে হস্পাতালত ভৰ্তি কৰা হয় যদিও চিকিৎসকে যুৱকগৰাকীক মৃত ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.